Local, Vocal, Global

One killed in wild elephant attack in Chirang : চিৰাঙত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ

চিৰাং, ৩ মাৰ্চ : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in Tamulpur )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়( One killed in wild elephant attack in Chirang)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে( One killed in wild elephant attack at Bijni in Chirang) ।

এইবাৰ চিৰাঙত বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ । শনিবাৰে নিশা সংঘটিত হয় এই ঘটনাটো ।

জানিব পৰা মতে, শনিবাৰে নিশা চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ১২ নং নতুন মাটিত সংঘটিত হয় এই অঘটনটো। বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এজন কৃষকৰ ।নিহত কৃষকজন ১০ নং নতুন মাটিৰ সোণাপুৰ নিৱাসী দুৰ্জো নাৰ্জাৰী (৪৬) বুলি জানিব পৰা গৈছে( One killed in wild elephant attack at Bijni)।

নিহত দুৰ্জো নাৰ্জাৰী শনিবাৰ নিশা নিজৰ কল বাগান চাবলৈ যায়। হঠাৎ এটা বন্যহস্তী ওলাই আহি দুৰ্জো নাৰ্জাৰীক আক্ৰমণ কৰে ফলত থিতাতে নিহত হয় দুৰ্জো নাৰ্জাৰী । পিছত ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Tragic Road Accident in Chandrapur : নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰিল বাহন