Dancer from Kolkata shot dead in US : আমেৰিকাত গুলীয়াই হত্যা ভাৰতীয়া নৃত্যশিল্পীক

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ মাৰ্চ : পুনৰ আমেৰিকাত ভাৰতীয়াক লক্ষ্য কৰি গুলীচালনা । দুৰ্বৃত্তৰ লক্ষ্য হৈ পৰিল ভাৰতীয় ।
খবৰ অনুসৰি, আমেৰিকাৰ মিছৌৰীৰ ছেইণ্ট লুইছত এজন ভাৰতীয় নৃত্যশিল্পীক সন্ধিয়া ভ্ৰমণৰ সময়তে গুলীয়াই হত্যা কৰে। নৃত্যশিল্পীজন অমৰনাথ ঘোষ বুলি জানিব পৰা গৈছে(Dancer from Kolkata shot dead in US) ৷
জানিব পৰা মতে, আমেৰিকাত গৱেষণাৰত হৈ আছিল কলকাতাৰ নৃত্যশিল্পীগৰাকীয়ে ৷
এই ঘটনা সন্দৰ্ভত সৰু পৰ্দাৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই ভাৰতীয় দূতাবাস আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী এছ জয়শংকৰক তদন্ত কৰিবলৈ আহ্বান জনাই টুইটাৰত পোষ্ট শ্বেয়াৰ কৰে(On Kolkata dancer’s killing in US, India says ‘taken up case strongly’) ।
দেৱলীনাই X যোগে কয়, “ঘোষ জন্মসূত্ৰে কলকাতাৰ আৰু তেওঁৰ পিতৃ-মাতৃ দুয়োৰে মৃত্যু হৈছে । ছেইণ্ট লুইছ একাডেমী এলেকাত সন্ধিয়া খোজ কাঢ়ি থকাৰ সময়ত ঘোষক কোনো অজ্ঞাত আক্ৰমণকাৰীয়ে একাধিকবাৰ আক্ৰমণ কৰে ৷” এই ঘটনা সন্দৰ্ভত ভাৰত চৰকাৰৰ লগতে আমেৰিকাত থকা ভাৰতীয় দূতাবাসৰ পৰাও সহাৰি আহ্বান কৰে অভিনেত্ৰীগৰাকীয়ে(On Kolkata dancer’s killing in US, India says ‘taken up case strongly’) ।
লগতে পঢ়ক : ULFA (I) cadre surrender :সোণাৰিত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ