ULFA (I) cadre surrender :সোণাৰিত আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ

নিউজ ডেস্ক, ৩ মাৰ্চ : পুনৰ আলফা স্বাধীনৰ আত্মসমৰ্পণ । সোণাৰিত আলফা (স্বাঃ) কেডাৰৰ আত্মসমৰ্পণ। সোণাৰিত আত্মসমৰ্পণ আলফা কেডাৰৰ(ULFA (I) cadre surrender)।
আলফা স্বাধীনৰ শিবিৰত এজনৰ পাছত আন এজন আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিছটো উজনিৰ একাংশ যুৱকে আলফা স্বাধীনৰ শিবিৰলৈ যোৱাৰ খবৰ পোৱা গৈছে ।উজনিৰ কেইবাখনো জিলাৰ পৰা আলফা স্বাধীনলৈ বহু যুৱক- যুৱতীক ঢাপলি মেলাৰ তথ্য সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছে । তেনে সময়তে শুকুৰবাৰে পোহৰলৈ আহিছে আন এক খবৰ (ULFA Surrender।
পুনৰ আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ। বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰ সৈতে আত্মসমৰ্পণ আলফা স্বাধীন কেডাৰৰ ৷ শনিবাৰৰ নিশা সোণাৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে অজিত চাংমাই ওৰফে নিতুল অসমে । আত্মসমৰ্পণৰ সময়ত নিতুল অসমে এটা MQ81 ৰাইফল, 2 NOS মেগজিন আৰু 60 জাঁই বুলেট সোণাৰি আৰক্ষীৰ ওচৰত জমা দিয়ে ।আত্মসমৰ্পণকাৰী নিতুল অসমৰ ঘৰ সোণাৰিৰ 7 নং ৱাৰ্ডত বুলি জানিব পৰা গৈছে । আত্মসমৰ্পণৰ পাচতে সোণাৰিত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে আলফা কেডাৰজনক ।