Local, Vocal, Global

CM said the power cut in government offices will be at 7-30 pm : ৰাজ্যত বিদ্যুতৰ সমস্যা হ্ৰাস কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক পদক্ষেপ

নিউজ ডেস্ক, ২ মাৰ্চ : ৰাজ্যত বিদ্যুতৰ সমস্যা হ্ৰাস কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক পদক্ষেপ।

ৰাজ্যত বিদ্যুতৰ সমস্যা হ্ৰাস কৰিবলৈ চৰকাৰী কাৰ্যালয়ত স্বসংক্ৰিয়াভাৱে সন্ধিয়া ৭.৩০ বজাত কৰ্তন হ’ব বিদ্যুৎ ।২৩২ টা কাৰ্যালয়ত কৰ্তন হ’ব বিদ্যুৎ সংযোগ ।

আজি গুৱাহাটীত কৰ ভৱন মুকলি কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই(CM said the power cut in government offices will be at 7-30 pm)।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,‘‘কৰ্মচাৰীয়ে ৬ বজাৰ পিছত কাৰ্যালয়ত থকাৰ কোনো প্ৰয়োজন নাই। ৰাতি অধিক সময়ত থকাৰ বিপৰীতে পুৱা সোনকালে এঘণ্টা আগত কাৰ্যালয় লৈ আহক। ৰাতি ৭ বাজি ৩০ মিনিটৰ পিছত অটো বিদ্যুৎ কৰ্তনৰ ব্যৱস্থা কৰা হ’ব চৰকাৰী কাৰ্যালয়ত।’’

লগতে পঢ়ক : 2 Drug Peddlers Arrested In Biswanath :বিশ্বনাথ আৰক্ষীৰ সফল অভিযান