Local, Vocal, Global

Massive Fire Breaks Out at Dhakuakhana : বিয়াৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড; নিমিষতে ভস্মীভূত সা-সামগ্ৰী

নিউজ ডেস্ক, ২ মাৰ্চ : বিয়াৰ আনন্দ উল্লাসৰ মাজতে ভয়ংকৰ অগ্নিকাণ্ড । নিমিষতে ভস্মীভূত সা সামগ্ৰী(Massive Fire Breaks Out at Dhakuakhana) ।

শনিবাৰে সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো । শনিবাৰে দুপৰীয়া ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বৰখামন গাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটো সংঘটি হয়।

জানিব পৰা মতে, বৰখামন গাঁৱৰ বাসিন্দ প্রিয় নাথ পেগু আৰু যমুনা পেগুৰ ঘৰত বিয়াৰ অভ্যৰ্থনা চলি আছিল সেই সময়তে সংঘটিত হয় এই অঘটনটো। বিয়াৰ আনন্দ উল্লাসৰ মাজতে পাকঘৰৰ ভিতৰত হঠাৎ জুইৰ সূত্ৰপাত ঘটে ফলত নিমিষতে জুইৰ শিখাই খেৰৰ পাকঘৰটো চানি ধৰাত সমগ্ৰ ঘৰটো জুইত জাহ যোৱাৰ লগতে ঘৰৰ ভিতৰত থকা সকলো সা-সামগ্ৰী ভস্মীভূত হয়(Massive Fire Breaks Out at Dhakuakhana) ।

এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ৰাইজৰ প্ৰচেষ্টাত জুই নিয়ন্ত্ৰণ হয় । বৰ্তমানলৈ জানিব পৰা হোৱা নাই ক্ষয়-ক্ষতিৰ পৰিমাণ ।

লগতে পঢ়ক : CCTV shows moment bomb went off in Bengaluru’s Rameshwaram Cafe : বেংগালুৰুৰ ৰামেশ্বৰম কেফেত ভয়ংকৰ বিস্ফোৰণ; বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত