Local, Vocal, Global

CCTV shows moment bomb went off in Bengaluru’s Rameshwaram Cafe : বেংগালুৰুৰ ৰামেশ্বৰম কেফেত ভয়ংকৰ বিস্ফোৰণ; বিস্ফোৰণৰ অভিযুক্তক চিনাক্ত

নেশ্যনেল ডেস্ক, ২মাৰ্চ : বেংগালুৰুৰ ৰামেশ্বৰম কেফেত ভয়ংকৰ বিস্ফোৰণ,অভিযুক্তক চিনাক্ত(CCTV shows moment bomb went off in Bengaluru’s Rameshwaram Cafe) ।

আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, বেংগালুৰুৰ ৰামেশ্বৰম কেফেত বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পূৰ্বে মুখত মাস্ক, চকুত ক’লা চছমা আৰু মূৰত টুপী পিন্ধি এখন বেগ লৈ আহিছিল এজন ব্যাক্তিয়ে আৰু বেগটো তাত ৰাখিছিল । অভিযুক্তই কেফেখনত ৰাৱা ইডলি খাইছিল আৰু বেগটো এৰি গুচি গৈছিল(CCTV footage shows Rameshwaram Cafe blast suspect, hours before explosion) ।

আৰক্ষী অভিযুক্তক চিনাক্ত কৰিছে যদিও বৰ্তমান আৰক্ষীয়ে মুখত মাস্ক, চকুত ক’লা চছমা পৰিধিত ব্যক্তিজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে । আৰক্ষীয়ে শনিবাৰে পুৱা ৩ বজালৈকে অভিযুক্তৰ সন্ধানত তালাচী চলায়(CCTV shows moment bomb went off in Bengaluru’s Rameshwaram Cafe) ।

আৰক্ষীৰ শীৰ্ষ সূত্ৰই জনোৱা মতে, অভিযানকাৰী দল অভিযুক্তজনৰ সন্ধানত চুবুৰীয়া কেৰালা আৰু তামিলনাডুলৈও গৈছে । চিচিবিৰ বিশেষ দলে অভিযুক্তৰ অনুসন্ধান অব্যাহত ৰাখিছে আৰু কেফেৰ চিচিটিভি ফুটেজত সন্দেহজনক ব্যক্তিজনৰ সৈতে সাদৃশ্য থকা কিছু লোকক আটক কৰি জেৰা কৰা হৈছে ।

লগতে পঢ়ক : At least Ten people injured in blast at cafe in India’s Bengaluru : বেংগালুৰুত ভয়ংকৰ বিস্ফোৰণ; আহত ১০জনকৈ লোক