A ferry sinks in the Nile in Egypt, killing at least 10 people : দিন হাজিৰা কৰা শ্ৰমিক কঢ়িয়াই অনা ফেৰী ডুবিল নীল নদীত; ফলত নিহত ১০ গৰাকীকৈ কৰ্মচাৰী
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : এক শোকাৱহ দুৰ্ঘটনা । যাত্ৰীবাহী ফেৰী ডুবিল নদীত ফলত মৃত্যু ১০ গৰাকীকৈ শ্ৰমিক(A ferry sinks in the Nile in Egypt, killing at least 10 people) ।
ইজিপ্তৰ কায়ৰ’ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ দিন হাজিৰা কৰা শ্ৰমিক কঢ়িয়াই অনা এখন ফেৰী ডুবিল নীল নদীত ফলত মৃত্যু ১০ গৰাকীকৈ কৰ্মচাৰী ৷
জানিব পৰা মতে, ফেৰীখনত কমেও ১৫ গৰাকী লোক আছিল(Egyptian ferry sinks in Nile, at least 10 people dead) ৷
এই ঘটনা সন্দৰ্ভত জনশক্তি মন্ত্ৰালয়ে এক বিবৃতিত উল্লেখ কৰে যে, এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত পাঁচজনক কৰ্মচাৰীক উদ্ধাৰ কৰি সমীপৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা শ্ৰমিককেইজন বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে( 10 killed as ferry sinks in Nile river while transporting labourers) ৷
বৰ্তমানলৈ জানিব পৰা হোৱা নাই ফেৰীখন ডুব যোৱাৰ কাৰণ ৷
এই ঘটনাৰ পিচতে মন্ত্ৰালয়ে মৃতকৰ প্ৰতিটো পৰিয়ালক ২,০০,০০০ ইজিপ্তিয়ান পাউণ্ড (প্ৰায় ৬,৪৬৬ ডলাৰ) আৰু আহত পাঁচজনৰ প্ৰতিজনক ২০,০০০ (৬৪৬ ডলাৰ) ক্ষতিপূৰণ আৱণ্টন দিয়ে ।
স্থানীয় সংবাদ মাধ্যমৰ অনুসৰি, মৃতদেহকেইটা উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰী দলক কেইবা ঘণ্টাও সময় লাগিছিল ৷