Local, Vocal, Global

Tragic Road Accident in Tezpur : বিয়া ঘৰৰ পৰা ওভতাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত দুজন, আহত এজন

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : ভয়ংকৰ পথ দুৰ্ঘটনা । দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে অট’ৰিক্সাক । ফলত থিতাতে নিহত হয় দুজনৰ । গুৰুতৰভাৱে আহত হয় আন এজন ।

সোমবাৰে নিশা তেজপুৰৰ ডিপোটাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।সোমবাৰে নিশা ডিপোটাত এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়ে এখন অট’ৰিক্সা । ফলত দুৰ্ঘটনাস্থলীতে দুই যুৱকৰ মৃত্যু হোৱাৰ লগতে আহত হয় এজন(Tragic Road Accident in Tezpur) ।

জানিব পৰা মতে, দুৰ্ঘটনাত মৃত্য়ু হোৱা যুৱক দুজন মানৱ নাথ, সুমন নাথ বুলি চিনাক্ত কৰা হৈছে আনহাতে আহত লোকজন টিকলু বুলি জানিব পৰা গৈছে । আহত যুৱকজনক নিশাই হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
ডিপোটাত সংঘটিত দুৰ্ঘটনাত পতিত তিনিও যুৱকৰে ঘৰ নিজ-বিহগুৰিত। তেওঁলোকে বিয়া ঘৰৰ পৰা নিজ ঘৰলৈ ওভতাৰ পথ এই দুৰ্ঘটনা সংঘটিত হয়।

লগতে পঢ়ক : Assam Youth Dies in Road Accident in Uttar Pradesh : উত্তৰ প্ৰদেশত মৃত্যু মাৰ্ঘেৰিটা যুৱকৰ