Local, Vocal, Global

Assam Youth Dies in Road Accident in Uttar Pradesh : উত্তৰ প্ৰদেশত মৃত্যু মাৰ্ঘেৰিটা যুৱকৰ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰী : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Dies in Road Accident in Uttar Pradesh)।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ ৷ উত্তৰ প্ৰদেশত মৃত্যু মাৰ্ঘেৰিটাৰ অৰ্জুন গড় নামৰ যুৱকজনৰ ৷ ৩ মাহ পূৰ্বে কৰ্মৰ সন্ধানত কানপুৰলৈ গৈছিল যুৱকজন(Assam Youth Dies in Road Accident in Uttar Pradesh) ৷

জানিব পৰা মতে, বজাৰ কৰিবলৈ যাওঁতেই দুৰ্ঘটনাত পতিত হয় আঘাতপ্ৰাপ্ত হৈছিল যুৱকজন৷ আঘাতপ্ৰাপ্ত যুৱকজন চিকিৎসাধীন হৈ আছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় যুৱকজনৰ(Assam Youth Dies in Road Accident in Uttar Pradesh) ৷

লগতে পঢ়ক : Massive Fire Breaks Out at Duliajan : বিধ্বংসী অগ্নিকাণ্ড;জুইত ভস্মীভূত ২ লক্ষাধিক টকাৰ সামগ্ৰী