Local, Vocal, Global

After rhino attack, Majuli forest dept issues alert :মাজুলীত ৰেড এলাৰ্ট জাৰি ; বন বিভাগে জাৰি কৰিছে এলাৰ্ট

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : মাজুলীত ৰেড এলাৰ্ট জাৰি । বন বিভাগে জাৰি কৰিছে এলাৰ্ট ।বিগত মঙলবাৰে গঁড়ৰ আক্ৰমণত মাজুলীত মৃত্যু হৈছিল এজন লোকৰ । তাৰ পাচতেই তৎপৰ হৈছিল মাজুলীৰ বন বিভাগ ।

গড়ৰ আক্ৰমণৰ ঘটনাৰ পোহৰলৈ অহাৰ পিছৰে পৰা বিয়লি ভাগত চাপৰি অঞ্চলৰ ৰাইজে যাতে বাহিৰত ঘূৰা ফুৰা নকৰে আৰু পুৱাৰ ভাগত সোনকালে ঘৰৰ পৰা বাহিৰ নহয় তাৰ বাবে মাজুলীবাসীক আহ্বান জনাইছে বন বিভাগে । কিন্তু বন বিভাগৰ আহ্বানৰ প্ৰতি কোনো গুৰুত্ব নিদি বাহিৰত ঘূৰি ফুৰিছে একাংশ লোক(After rhino attack, Majuli forest dept issues alert) ।

বন বিভাগৰ আহ্বান, ‘‘এনে কাম যাতে ভুলটো কোনেও নকৰে ৰাইজে ।’’ ইফালে দিনৰ ভাগতো বন কৰ্মীয়ে চাপৰিৰ মাজত গঁড়ৰ সন্ধান অব্যাহত ৰাখিছে ৷ নিশাৰ ভাগত জনাঞ্চলত যাতে গঁড়ে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পহৰাৰ ব্যৱস্থা কৰিছে মাজুলীৰ বন বিভাগে ।

বন বিভাগৰ আহ্বান যোৱা মঙলবাৰৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়, তাৰ বাবে সাধাৰণ লোকসকল সাৱধান হ’বলৈ বাৰম্বাৰ আহ্বান জনাইছে মাজুলীৰ বন বিভাগে(After rhino attack, Majuli forest dept issues alert) ।

ইফালে ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।

নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।

ৰাজ্যত হাতী-মানুহৰ সংঘাটে লৈছে ভয়ংকৰ ৰূপ। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বন্যহস্তীৰ মুক্তি বিচৰণৰ ফলত মানুহৰ সৈতে হোৱা সংঘাটৰ ফলত বহু লোকৰ প্ৰাণহানি হৈছে।

আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।

হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।

লগতে পঢ়ক : PM Narendra Modi inaugurates 17 Food Safety on Wheels in Assam : গুজৰাটত ভাৰ্চুৱেলি শুভ উদ্বোধন অসমৰ কেবাটাও প্ৰকল্পৰ প্ৰধানমন্ত্ৰী মোডীৰ