Drugs Peddler Arrested : ৰঙিয়াত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs Peddler Arrested) ।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ ।
একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ ৰঙিয়াতো চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । ৰঙিয়াত আৰক্ষীয়ে দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰী দুটা উষ্কাৰ আলী আৰু নিত্য বৰ্মন বুলি জানিব পৰা গৈছে ।
ইয়াৰে উষ্কাৰ আলী নামৰ লোকজনৰ ঘৰ ৰঙিয়াৰ উদিয়ানাৰ আৰু নিত্য বৰ্মন নামৰ লোকজনৰ ঘৰ বিলাসীপাৰাত বুলি জানিবলৈ দিয়ে ৰঙিয়া আৰক্ষীয়ে ।
ঘটনাৰ বিৱৰণী অনুসৰি দীৰ্ঘদিন ধৰি ৰঙিয়াৰ সমীপৱৰ্তী উদিয়ানাত ধৃত সৰবৰাহকাৰী দুটাই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল ।
স্থানীয় লোকে উষ্কাৰ আলী নামৰ এজন লোকৰ ঘৰৰ পৰা ড্ৰাগছসহ হাতে লোটে ধৰি ৰাজহুৱাকৈ শাস্তি প্ৰদান কৰি ৰঙিয়া আৰক্ষীক খবৰ দিয়ে ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় আৰু ড্ৰাগছ সৰবৰাহকাৰী দুটাক আটক কৰি থানালৈ লৈ আনে । সম্প্ৰতি অধিক তথ্যৰ বাবে থানাত ২ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে ।