Road Accident : ডাম্পাৰ আৰু বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত পুত্ৰ, গুৰুতৰভাৱে আহত পিতৃ

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।
ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে।
এইবাৰ শদিয়াত ডাম্পাৰৰ দৌৰাত্ম্যক । দেওবাৰে নিশা শদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা । ডাম্পাৰ আৰু বলেৰ’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ফলত থিতাতে নিহত ১৪ বছৰীয়া কিশোৰ। গুৰুতৰভাৱে আহত আন এজন।
মৃত কিশোৰজনৰ নাম অংশুমান চিৰিং বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত মনোজ চিৰিং নামৰ আন এজন ব্যক্তি ।
জানিব পৰা মতে, মনোজ চিৰিঙৰ পুত্র আছিল নিহত অংশুমান চিৰিং । আহত লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্রেৰণ কৰা হয়।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন হোৱা ডাম্পাৰখন। এইপৰ্যন্ত সম্ভেদ পোৱা নাই ডাম্পাৰখন।
লগতে পঢ়ক : Elephant Tusks Seized In Tamulpur : তামুলপুৰত হাতীৰ দাঁতসহ আটক সৰবৰাহকাৰী