Local, Vocal, Global

Elephant Tusks Seized In Tamulpur : তামুলপুৰত হাতীৰ দাঁতসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : তামুলপুৰত বন বিভাগ আৰু SSBৰ যৌথ অভিযান। অভিযানত হাতীৰ দাঁতসহ আটক সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটোৰ নাম স্বনেশ্বৰ সূত্রধৰ বুলি জানিব পৰা গৈছে(Elephant Tusks Seized In Tamulpur)।

এক গোপন সূত্ৰৰ ভিত্তিত কুমাৰীকাটা বনাঞ্চলিক বিষয়া বীৰেন চন্দ্ৰ বড়োৰ নেতৃত্বত ২৪ বাহিনী এছ এছ বীৰ সৈতে চলোৱা যৌথ অভিযান চলাই । অভিযানত হাতীৰ দাঁতসহ আটক কৰে স্বনেশ্বৰ সূত্ৰধৰ নামৰ সৰবৰাহকাৰী জনক(Elephant Tusks Seized In Tamulpur, One Detained)।

জানিব পৰা মতে, কুমাৰীকাটাৰ কালা নৈৰ পাৰৰ পৰা আটক কৰে লোকজনক ।প্ৰায় দুই কিলো ওজনৰ হাতীৰ দুয়োটা দাঁত বিক্ৰী কৰাৰ লক্ষ্যৰে স্বনেশ্বৰ সূত্ৰধৰে লৈ অনাৰ সন্দেহ(smuggler Detained with Elephant tusks in Tamulpur)।

আজি আইনী ব্যৱস্থাৰে কৰ্টত হাজিৰ কৰোৱা হ’ব সৰবৰাহকাৰী গৰাকীক। ইয়াৰ পূৰ্বেও বন বিভাগে তামুলপুৰত অভিযান চলাই হাতীৰ দাঁত সহ আটক কৰিছিল আন এজন লোকক।

লগতে পঢ়ক : Drugs worth over Rs 15 crore seized in Manipur : মণিপুৰত জব্দ ১৫ কোটিৰো অধিক টকাৰ ড্ৰাগছ;আটক ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী