Drugs worth over Rs 15 crore seized in Manipur : মণিপুৰত জব্দ ১৫ কোটিৰো অধিক টকাৰ ড্ৰাগছ;আটক ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰী : অশান্ত মণিপুৰৰ । শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি । পুনৰ মণিপুৰৰ পৰা আহিছে আন এক হিংসাত্মক ঘটনাৰ খবৰ(Manipur violence)। প্ৰায় প্ৰতিদিনে এটাৰ পিছত আন এটা হিংসাত্মক ঘটনাই জোকাৰি গৈছে ৰাজ্যখন। পুনৰ মণিপুৰৰ পৰা আহিছে এক চাঞ্চল্যকৰ ঘটনাৰ খবৰ(Drugs worth over Rs 15 crore seized in Manipur)।
পুনৰ অগ্নিগৰ্ভা মণিপুৰত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । আৰক্ষী-নিৰাপত্তাৰক্ষীৰ যৌথ অভিযানত জব্দ কৰে ড্ৰাগছখিনি । টেংনৌপাল জিলাৰ ম’ৰেৰ হ’মগাৰ্ড গাঁৱত আৰক্ষী-নিৰাপত্তাৰক্ষীৰ এই ড্ৰাগচ বিৰোধী অভিযান। অভিযানত প্ৰায় পোন্ধৰ কোটিৰো অধিক টকাৰ নিচাযুক্ত দ্ৰব্যসহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী স্বামী-স্ত্ৰী । জব্দ কৰে সামগ্ৰীৰ ভিতৰত আছে হেৰ’ইন, কেফৰেইন, গ’ল্ড ডাষ্টকে ধৰি নিচাযুক্ত সামগ্ৰী ৷
জানিব পৰা মতে, ৰফিক কুট্টিৰৰ ঘৰৰ পৰা জব্দ কৰে নিচাযুক্ত টেবলেটখিনি ৷ আৰক্ষীয়ে নিচাযুক্ত টেবলেটখিনি জব্দ কৰি অভিযুক্তদ্বয়ক আটক কৰাৰ সময়ত কুকি মহিলাই বাধা প্ৰদান কৰিছিল ৷ তাৰ পাছতেই আৰক্ষী আৰু কুকি মহিলাৰ মাজত সংঘৰ্ষ হয় আৰু আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰি আটক কৰে অভিযুক্তক৷
লগতে পঢ়ক : Guwahati hit-and-run tragedy : মহানগৰীত পুনৰ হিট এণ্ড ৰানৰ ঘটনা;অচিনাক্ত বাহনৰ খুন্দাত নিহত মহিলা