Mumbai Customs seize gold worth Rs 4 cr over three days : মুম্বাই এয়াৰপ’ৰ্টত জব্দ ৪ কোটিৰো অধিক টকাৰ সোণ
নেশ্যনেল ডেস্ক,২৬ ফেব্ৰুৱাৰী : মুম্বাই এয়াৰপ’ৰ্টত জব্দ বুজন পৰিমাণৰ সোণ । তিনিদিনত পৃথক পৃথক অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় সোণখিনি(Mumbai Customs seize gold worth Rs 4 cr over three days) ।
জানিব পৰা আৰক্ষী তিনি দিনত মুম্বাই এয়াৰপ’ৰ্টৰ পৰা শুল্ক বিভাগে জব্দ কৰে ৭.৫৭ কেজি সোণ৷ জব্দকৃত সোণখিনিৰ মূল্য ৪ কোটিৰো অধিক টকা ৷ এই ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে এজনক ৷ কাপোৰৰ মাজত লুকুৱাই আনিছিল সোণখিনি(Mumbai customs seize gold worth Rs 4.06 crore in 3 days)৷
বিমানবন্দৰ আয়ুক্তৰ এক বিবৃতিত কয় যে মুম্বাই শুল্ক বিভাগে তিনিদিনৰ ভিতৰত ৯টা পৃথক গোচৰত ৪.০৬ কোটি টকা মূল্যৰ সোণ আৰু এটা আই ফোন জব্দ কৰে।
লগতে আয়ুক্ত গৰাকীয়ে কয় যে, ১৮-২৪ ফেব্ৰুৱাৰীৰ সাতটা স্থানত পৃথক পৃথক অভিযান চলাই মুম্বাই শুল্ক জ’ন-IIIৰ বিমানবন্দৰ আয়ুক্তই ৪.০৯ কোটি টকাৰ ৭.৬৪ কিলোগ্ৰামতকৈ অধিক সোণ জব্দ কৰে।