Local, Vocal, Global

MLA Prasanta Phukan Inaugurates Mega Project to prevent Erosion : খহনীয়াৰ আতংকৰ পৰা মুক্ত হ’ব ডিব্ৰুগড়বাসী ! ডিব্ৰুগড়ত ৭৫ কোটি টকীয়া প্ৰকল্পৰ শুভাৰম্ভ প্ৰশান্ত ফুকনৰ

ডিব্ৰুগড়, ২৫ফেব্ৰুৱাৰী : খহনীয়াৰ আতংকৰ পৰা মুক্ত হ’ব ডিব্ৰুগড়বাসী! IITৰ গৱেষণাৰ ফচল লৈ মুকলি ৭৫ কোটি টকীয়া আঁচনি

অৱশেষত খহনীয়াৰ আতংকৰ পৰা ৰক্ষা পৰিব ডিব্ৰুগড়। নগৰৰ কাষে কাষে মুঠ সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ খহনীয়া স্থলীত প্ৰতিৰোধ কৰাৰ বাবে আঁচনিৰ শুভাৰম্ভ। আই আই টি ৰ জৰিয়তে গৱেষণা কৰি অত্যাধুনিকভাৱে খহনীয়াৰ প্ৰতিৰোধ আঁচনি জলসম্পদ বিভাগৰ(MLA Prasanta Phukan Inaugurates Mega Project to prevent Erosion in Dibrugarh)।

আই আই টিৰ বৃহৎ দলে গৱেষণাৰ জৰিয়তে দিয়া প্ৰতিবেদনৰ ভিত্তিত ডিব্ৰুগড়ত অত্যাধুনিকভাৱে প্ৰতিৰোধ হ’ব খহনীয়া। ‘নিদা’ আঁচনিৰ জৰিয়তে ৭৫ কোটি টকাৰ আঁচনিৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক প্ৰশান্ত ফুকনে।

নগৰ সুৰক্ষা বান্ধৰ কাষত ২৪ কোটি আৰু ২৭ কোটি টকাৰ দুটা স্পাৰ নিৰ্মাণৰ লগতে থাকিব ১৬ কোটি আৰু ৯ কোটি টকাৰ জি’অ বেগ। আনহাতে ‘এছিয়ান ডেভেলপমেন্ট বেংক’ৰ জৰিয়তে খহনীয়াৰ প্ৰতিৰোধৰ বাবে হৈ আছে আন এটা প্ৰকল্পৰ কাম(MLA Prasanta Phukan Inaugurates Mega Project to prevent Erosion) ।

উল্লেখযোগ্য যে, ঐতিহাসিক ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া প্ৰত্যক্ষ কৰি ১৯৫০ চনতে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নগৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰিছিল নগৰ সুৰক্ষা বান্ধ। কিন্তু পৰৱৰ্তী সময়ত নগৰ সুৰক্ষাৰ বান্ধৰ কাষত ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰি বহু স্থানত সুৰক্ষা বান্ধৰ কাষত অৱস্থিতি গ্ৰহণ কৰাৰ লগতে নগৰ সুৰক্ষা বান্ধৰ প্ৰতি ভাবুকিয়েই সৃষ্টি নহয়, ঐতিহাসিক নগৰ খনৰ প্ৰতিয়ো ভাবুকি আৰু নগৰবাসীক আতংকিত কৰি আহিছে। প্ৰতিটো বাৰিষাত নগৰবাসীয়ে বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে ভয়ংকৰ খহনীয়াত ইতিমধ্যে জাহ গৈছে বহু ভূমি আৰু বাসগৃহ।

বিশেষকৈ নগৰৰ কছাৰী ঘাট,মাইজান, ফুল বাগান, মোহনাঘাট আদি অঞ্চলত ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰি নগৰবাসীৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰ নদী খন নগৰৰ ফাললৈ ধাবমান হৈছিল। জলসম্পদ বিভাগে খহনীয়া স্থলীত পাৰ্কোপাইন, জি’অবেগ আদিৰে খহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে যদিও সেই পদক্ষেপ বিফল হয়।

অৱশেষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে জলসম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ পৰ্যবেক্ষণ আৰু গৱেষণা কৰাৰ বাবে আই আই টি ৰ কেইবাজনো বিশেষজ্ঞ প্ৰেৰণ কৰি তেওঁ লোকৰ প্ৰতিবেদনৰ ভিত্তিত অত্যাধুনিক ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে। এই আচঁনিৰ জৰিয়তে ডিব্ৰুগড়ৰ এক জ্বলন্ত সমস্যাৰ সমাধান হ’ব বুলি আশা কৰে বিধায়ক প্ৰশান্ত ফুকনে।

লগতে পঢ়ক : CM Himanta Biswa Sarma inaugurates pranab baruah kalakshetra : দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা