PM Modi to visit Assam for two days : দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী : পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । ৮ মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু অৰুণাচললৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Modi to visit Assam for two days)।
জানিব পৰা মতে নতুন ৮ মাৰ্চত দিল্লীৰ পৰা পোনে পোনে যাত্ৰা কৰি সন্ধিয়া অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোডী।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কাজিৰঙাৰ অতিথিশালাত ৮ মাৰ্চৰ নিশা কটাব বুলি জানিব পৰা গৈছে। ইয়াৰ পিচদিনা ৯মাৰ্চত তেওঁ যোৰহাটলৈ বুলি যাত্ৰা কৰিব আৰু তাত বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত ভাগ ল’ব(Prime Minister Narendra Modi will visit Assam)।
৯মাৰ্চত যোৰহাটত বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এখন বিশাল জনসভা সম্বোধন কৰিব লগতে ‘লাখপতি বাইদেউ’ৰ সৈতে বাৰ্তালাপত মিলিত হ’ব। এই ভ্ৰমণকালতে শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়ক :Arms Seized in Diphu : ডিফুত আৰক্ষী আৰু CRPFৰ সফল অভিযান; জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ