Local, Vocal, Global

Massive Fire Breaks Out at Noonmati : মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড । নুনমাটি শিৱ মন্দিৰৰ সমীপৰ কাবাৰী দোকান আৰু গাড়ীৰ ছিট নিৰ্মাণ কৰা দোকানত এই অগ্নিকাণ্ড । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ(Massive Fire Breaks Out at Noonmati) ।

জানিব পৰা মতে, এই জুই প্ৰথমে কাবাৰী দোকানত সূত্ৰপাত হয় আৰু তাৰ পিছত জুই পিছত আন দোকানলৈ বিয়পি পৰে(Massive Fire Breaks Out at Noonmati) ।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু কেইবা ঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নুমুৱাবলৈ সক্ষম হয় ।

পেলনীয়া সামগ্ৰী মজুত ৰখা কাবাৰী দোকানৰ বাবেই অঞ্চলটোত ধোঁৱাময় পৰিৱেশ সৃষ্টি হয় ।

লগতে পঢ়ক : Manipur Police arrested member of KYKL Organization from Imphal West : চুবুৰীয়া ৰাজ্য মণিপুৰত গ্ৰেপ্তাৰ উগ্ৰপন্থীক