Illegal Teer Mafia Arrested : দক্ষিণ শালমাৰাত অবৈধ তীৰৰ বেহা;একাংশই কেৰেপ নকৰে আৰক্ষী-প্ৰশাসনক

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ বেহা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ চলি আছে নিষিদ্ধ সামগ্ৰীৰ ৰমৰমীয়া বেহা । আৰক্ষীয়ে যিমানে সষ্টম হৈছে সিমানে অপৰাধীৰ সংখ্যা বৃদ্ধি পাইছে । অপৰাধীয়ে দৈনিক ন ন পদ্ধতিৰে চলাই আছে অপৰাধ । অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে অবৈধ সামগ্ৰীৰ ৰমৰমীয়া বেহা(Illegal Teer Business)।
আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে । আৰক্ষীক যেন কেৰেপ নকৰে একাংশ লোকে । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই অবৈধ সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও চলি আছে অবৈধ বেহা(Illegal Teer Mafia Arrested) ।
এইবাৰ একাংশ দুষ্ট চক্ৰই নামিছে তীৰৰ বেহাত । দক্ষিণ শালমাৰাত অবৈধ তীৰৰ বেহা । একাংশই কেৰেপ নকৰে আৰক্ষী-প্ৰশাসনকো ।
তীৰ খেলৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষীয়ে অভিযান চলাই তীৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও আৰক্ষীৰ চকুত ধূলি দি একাংশ সমাজ বিৰোধী লোকে অব্যাহত ৰাখিছে অবৈধ তীৰ খেল । তেনে এক গোপন তথ্যৰ ভিত্তিত দক্ষিণ শালমাৰা আৰক্ষীয়ে বুধবাৰে ভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৫ টাকৈ তীৰ জুৱাৰীক ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপ-আৰক্ষী অধীক্ষকৰ নিৰ্দেশত দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱা নেতৃত্বত আৰক্ষীৰ দল এটাই গোপন সূত্ৰৰ পম খেদি টুমনী লাইলি বজাৰ পৰা আব্দুল ছাত্তাৰ, ছফিকুল হক, জিৰাউল হকক, টুমনী বজাৰৰ পৰা আছাদুৰ ৰহমান আৰু বালাডুবা বজাৰৰ পৰা সাজাহান আলীকে ধৰি মুঠ ৫ টাকৈ তীৰ জুৱাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷
তীৰ জুৱাৰীকেইটাক গ্ৰেপ্তাৰ কৰাৰ পাচতেই আৰক্ষীয়ে আদালতত হাজিৰ কৰায় বুলি জানিব পৰা গৈছে ৷