Local, Vocal, Global

Two smugglers arrested with large quantity of cannabis : খটখটীত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযান; অভিযানত বৃহৎ পৰিমাণৰ কানিসহ আটক দুই সৰবৰাহকাৰী

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে ৰাজ্যত চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ। চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

বুধবাৰে খটখটী এছবি আই বেংকৰ ওচৰত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ নাকা তালাচীত । তালাচীত জব্দ বৃহৎ পৰিমাণৰ কানিসহ দুজন সৰবৰাহকাৰীক(Two smugglers arrested with large quantity of cannabis) ৷

জানিব পৰা মতে, মণিপুৰৰ পৰা হাৰিয়ানালৈ গৈ থকা ১৬ চকীয়া Ch- 01-TB-6791 ট্ৰাকখনত তালাচী চলাই কানিখিনি জব্দ কৰে আৰক্ষীয়ে । ট্ৰাকখনৰ কেবিনৰ এটা চিটৰ তলত ২২ টা কণ্টেনাৰত লুকুৱাই আনিছিল কানিখিনি । ইয়াৰ পৰিমাণ ১১.৪৫ গ্ৰাম বুলি জানিবলৈ দিয়ে । উক্ত ঘটনাৰে জড়িত হাৰিয়ানাৰ হাকেশ সিঙ (৩০) আৰু সৎনাম সিঙ (২৪)ক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে(Two smugglers arrested with large quantity of cannabis)।

লগতে পঢ়ক : Car Falls into Potholes in Tinsukia Injuring Two :ৰাস্তাত উন্মুক্ত বৃহৎ গাঁতত সোমাল বাহন; আহত দুগৰাকী আৰোহী