‘Francophone’ Shashi Tharoor conferred France’s top civilian honour : বিখ্যাত লেখক তথা সাংসদ শশী থাৰুৰলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান
নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : বিখ্যাত লেখক তথা সাংসদ শশী থাৰুৰকলৈ ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান । মঙলবাৰে বিখ্যাত লেখক তথা সাংসদ শশী থাৰুৰক ‘দ্য লিজিয়ন অৱ অনাৰ’ সন্মানেৰে সন্মানিত কৰে(‘Francophone’ Shashi Tharoor conferred France’s top civilian honour) ।
উল্লেখ্য যে, ২০২২ চনৰ আগষ্ট মাহত ফ্ৰান্স চৰকাৰে থাৰুৰক ‘দ্য লিজিয়ন অৱ অনাৰ’বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে যদিও মঙলবাৰে তেওঁক এই বঁটা প্ৰদান কৰা হয় ৷ ফ্ৰান্সৰ দূতাবাসত থাৰুৰক ফ্ৰান্সৰ চেনেটৰ সভাপতি জেৰাৰ্ড লাৰ্চাৰে এই বঁটা প্ৰদান কৰে(Shashi Tharoor awarded top French honour for deepening India-France ties) ৷
ফ্ৰান্সৰ দূতাবাসে এক বিবৃতিৰ জৰিয়তে কয় যে, ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে, আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সহযোগিতাৰ প্ৰতি দায়বদ্ধতাৰ বাবে আৰু ফ্ৰান্সৰ বন্ধু হিচাপে ড৹ থাৰুৰক এই সন্মান প্ৰদান কৰা হৈছে(‘Francophone’ Shashi Tharoor conferred France’s top civilian honour) ৷
শশী থাৰুৰে এই সন্দৰ্ভত কয় যে , “ফ্ৰান্স, ইয়াৰ জনসাধাৰণ, তেওঁলোকৰ ভাষা আৰু তেওঁলোকৰ সংস্কৃতি, বিশেষকৈ তেওঁলোকৰ সাহিত্য আৰু চিনেমাৰ প্ৰশংসা কৰা এজন ব্যক্তি হিচাপে মই আপোনাৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে সন্মানিত হোৱাৰ বাবে গভীৰভাৱে কৃতজ্ঞ(Shashi Tharoor awarded top French honour for deepening India-France ties) ৷”