Local, Vocal, Global

Haryana DGP Writes to Punjab DGP : হাৰিয়ানাৰ ডিজিপিৰ পঞ্জাৱৰ ডিজিপিলৈ পত্ৰ

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : হাৰিয়ানাৰ ডিজিপিৰ পঞ্জাৱৰ ডিজিপিলৈ পত্ৰ । পত্ৰৰ পিছতে পঞ্জাৱৰ ডিজিপিয়ে খানাউৰী আৰু শম্ভুত পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ দিশে জেচিবি, পোকলানে, টিপাৰ, হাইড্ৰা আৰু অন্য গধুৰ মাটি আঁতৰোৱা সঁজুলিৰ চলাচল বন্ধ কৰিবলৈ নিৰ্দেশ প্ৰদান(Haryana DGP Writes to Punjab DGP)।

উল্লেখ্য যে, কৃষক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আলোচনাৰ জৰিয়তে কৃষকৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱাত, কৃষক সংগঠনসমূহে ২১ ফেব্ৰুৱাৰীত দিল্লীলৈ এক পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰে ।

এই পদযাত্ৰাৰ বাবে কৃষক সংগঠনসমূহে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু চৰকাৰক ১১ বজালৈকে সময় দিয়ে । ইয়াৰ সমান্তৰালকৈ কৃষকসকলে হাৰিয়ানা চৰকাৰৰ দ্বাৰা স্থাপিত বেৰিকেডি ভাঙিবলৈ সম্পূৰ্ণৰূপে সজ্জিত জেচিবি আৰু পকলেন যন্ত্ৰবোৰ শম্ভু সীমান্তলৈ আনিছে(Haryana DGP writes to Punjab DGP to stop Poclain, JCBs and other such machines from Shambhu/ Khanauri Border) ।

কৃষকসকলৰ এই বহৎ প্ৰস্তুতি দেখি হাৰিয়ানা চৰকাৰ আৰু প্ৰশাসনে কি কৰিব উৱাদিহ নোপোৱা হৈছে, যাৰ বাবে হাৰিয়ানাৰ ডিজিপি শত্ৰুজিৎ কাপুৰে পঞ্জাৱৰ ডিজিপি গৌৰৱ যাদৱলৈ পত্ৰ লিখিছে । হাৰিয়ানাৰ ডিজিপিয়ে পঞ্জাৱৰ ডিজিপিলৈ পত্ৰ লিখি শম্ভু সীমান্ত আৰু খানোৰী সীমান্তত কৃষকসকলে অনা পকলেন যন্ত্ৰ আৰু জেচিবি যন্ত্ৰ বন্ধ কৰিবলৈ কৈছে(Haryana DGP Writes to Punjab DGP, Appeals to Seize Dangerous Poclain, JCB Machines) ।

লগতে পঢ়ক : Tragic Incident in Kampur : কামপুৰৰ নৱনিৰ্মিত উৰনীয়া সেতুত অঘটন