Local, Vocal, Global

PM Modi launches projects worth over Rs 32000 cr : জম্মু-কাশ্মীৰৰ বিশাল জনসভা সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ, উদ্ধোধন কৰিলে ৩২,০০০ কোটি টকাৰ প্ৰকল্প

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগবঢ়ালে প্ৰায় ৩২,০০০ কোটি টকাৰ প্ৰকল্প ।মঙলবাৰে জম্মু-কাশ্মীৰ এক বিশাল জনসভা সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে এই প্ৰকল্পৰ শুভাৰম্ভ কৰে(PM Modi launches projects worth over Rs 32000 cr)।

জম্মু-কাশ্মীৰ জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, জম্মু-কাশ্মীৰৰ সৈতে তেওঁৰ সম্পৰ্ক ৪০তকৈ অধিক বছৰ পুৰণি। তেওঁ এই ঠাইলৈ বহুবাৰ আহিছে। জম্মু-কাশ্মীৰৰ মানুহৰ মৰম তেওঁৰ বাবে ডাঙৰ আশীৰ্বাদ বুলি কয় লগতে জম্মু-কাশ্মীৰৰ বিকাশৰ কথাও দোহাৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে(PM Modi to launch multiple development projects worth over Rs 32,000 crore in Jammu) ।

লগতে পূৰ্বৰ চৰকাৰক কটাক্ষ কৰি মোডীয়ে কয় যে, জম্মু-কাশ্মীৰ পৰিয়ালবাদৰ কবলত পৰিছিল। পৰিয়ালকলৈ ৰাজনীতি কৰাসকলে কেৱল নিজৰ স্বাৰ্থৰ কথা জানে। এনে ধৰণৰ পৰিয়ালকেন্দ্ৰিক চৰকাৰে যুৱ সমাজৰ বাবে একো কৰিব নোৱাৰে। কিন্তু এতিয়া জম্মু-কাশ্মীৰৰ ৭০ বছৰীয়া সপোন পূৰণ হ’ব বুলি মোডীয়ে কয়(PM Modi launches development initiatives worth over Rs. 32,000 crore in Jammu and Kashmir)।

লগতে পঢ়ক : TV actor Rituraj Singh has passed away at the age of 59 : পুনৰ মনোৰঞ্জন জগতৰ পৰা আহিছে এটা বেয়া খবৰ