TV actor Rituraj Singh has passed away at the age of 59 : পুনৰ মনোৰঞ্জন জগতৰ পৰা আহিছে এটা বেয়া খবৰ
এণ্টাৰটেনমেণ্ট ডেস্ক, ২০ফেব্ৰুৱাৰী : পুনৰ মনোৰঞ্জন জগতৰ পৰা আহিছে এটা বেয়া খবৰ ৷ অভিনয়েৰে বহু অনুৰাগীৰ হৃদয় জয় কৰা অভিনেতা ঋতুৰাজ সিঙৰ দেহাৱসান। ৬০ বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ অভিনেতা গৰাকীয়ে(TV actor Rituraj Singh has passed away at the age of 59) ।
জানিব পৰা মতে, সোমবাৰে অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত ঋতুৰাজ সিং হঠাৎ কাৰ্ডিয়েক এৰেষ্টত আক্ৰান্ত হয়, তাৰ পিচত তেওঁক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷ জানিব পৰা মতে দীৰ্ঘদিন ধৰি অগ্ন্যাশয় সম্পৰ্কীয় সমস্যাত ভুগি আছিল অভিনেতাগৰাকী । এতিয়া তেওঁৰ হঠাৎ মৃত্যুৱে কেৱল পৰিয়ালকে নহয়, অনুৰাগীকো গভীৰভাৱে স্তম্ভিত কৰি তুলিছে । অভিনেতা ঋতুৰাজ সিঙৰ আকস্মিক মৃত্যুৰ খবৰে কেৱল উদ্যোগটোৰেই নহয়, সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে(TV actor Rituraj Singh passes away due to cardiac arrest at the age of 59)।
অভিনেতাগৰাকীৰ ঘনিষ্ঠ বন্ধু অমিত বাহলে গভীৰ শোক প্ৰকাশ কৰে আৰু কয় যে, ‘‘হয়, হৃদযন্ত্ৰ বন্ধ হোৱাৰ বাবে ঋতুৰাজ সিঙৰ মৃত্যু হৈছে । কিছুদিন পূৰ্বে পেনক্ৰিয়াটাইটিছৰ চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । ঘৰলৈ উভতি অহাৰ পিচত তেওঁৰ হৃদযন্ত্ৰৰ জটিলতা দেখা দিয়ে আৰু তেওঁৰ মৃত্যু হয় ।’’
উল্লেখ্য যে, ১৯৯৩ চনত জি টিভিত প্ৰচাৰিত তেওঁৰ টিভি শ্ব’ ‘বানেগী আপনি বাত’ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল । ইয়াৰ পিচত তেওঁ ‘হিটলাৰ দিদি’, ‘জ্যোতি’, ‘শপথ’, ‘আদালত’, ‘আহাট’, ‘দিয়া ঔৰ বাতি’, ৱাৰিয়ৰ হে’, ‘লাডো ২’ আদি ধাৰাবাহিকতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল(‘Anupamaa’ actor Rituraj Singh dies at 59 in cardiac arrest) ।
ঋতুৰাজে এতিয়ালৈকে বহু হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছিল, তাৰে ভিতৰত ‘ৰাজনীতি’, ‘বদ্ৰীনাথ কি দুলহনীয়া’ আদিৰ দৰে ছুপাৰহিট ছবিও আছে।