Local, Vocal, Global

3 Minor Schoolgirls Lost For 3 Days Found, Rescued : অৱশেষত সন্ধান ওলাল মহানগৰীৰ পৰা নিৰুদ্দিষ্ট ৩গৰাকী ছাত্ৰীৰ

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : নিৰুদ্দেশ হোৱা স্কুলীয়া ছাত্ৰীক উদ্ধাৰ । সোমবাৰে নিশা নিৰুদ্দেশ হোৱা স্কুলীয়া ছাত্ৰী তিনিগৰাকীও সুৰক্ষিতভাৱে উদ্ধাৰ(3 Minor Schoolgirls Lost For 3 Days Found, Rescued) ।

উল্লেখ্য যে, চলিত মাহৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা বীৰকুছি, বোন্দা, আমগাঁৱৰ পৰা তিনিগৰাকী ছাত্ৰী নিখোঁজ হৈছিল। ছাত্ৰীকেইগৰাকী আছিল বীৰকুছি ৰঘুনাথ চৌধুৰী হিন্দী উচ্চ বিদ্যালয়ৰ ছাত্ৰী।

জানিব পৰা মতে, যোৱা ১৭ ফেব্ৰুৱাৰীৰ দিনা ছাত্ৰী কেইগৰাকীয়ে ঘৰৰ পৰা এগৰাকী বান্ধৱীৰ ঘৰলৈ ওলাই গৈছিল। কিন্তু সন্ধিয়া পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোক কিছু চিন্তিত হৈ পৰিছিল যদিও বান্ধৱীৰ ঘৰতে থাকিল বুলি ভাবি বিচাৰি নগ’ল ৷ কিন্তু ১৮ তাৰিখেও তিনিও ছাত্ৰী ঘৰলৈ উভতি নহাত ১৯ তাৰিখে অৰ্থাৎ সোমবাৰে প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰে। তিনিগৰাকী ছাত্ৰীৰ ভিতৰত এগৰাকী ছাত্ৰীৰ হাতত থকা ম’বাইল ফোনটো চুইটছ অফ হৈ আছিল(3 Minor Schoolgirls Lost For 3 Days Found, Rescued)।

অৱশেষত আৰক্ষীৰ প্ৰাগজ্যোতিষপুৰ আৰু পানীখাইতি আৰক্ষীৰ যুটিয়া অভিযানত উদ্ধাৰ কৰা হয় কিশোৰী কেইগৰাকীক। মহানগৰীৰ গাতে লাগি থকা সোণাপুৰৰ কমলাজৰীৰ পৰা ছাত্ৰী তিনিগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ যুটিয়া দলটো । সম্প্ৰতি আৰক্ষীয়ে ছাত্ৰীকেইগৰাকীক সোধা-পোছা অব্যাহত ৰাখিছে।

লগতে পঢ়ক : Assam Police Send Summons To Rahul Gandhi : ২৩ ফেব্ৰুৱাৰীত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ জাননী কংগ্ৰেছ নেতা ৰাহুল গান্ধীক