Local, Vocal, Global

Chaos at Bilasipara Model Hospital:বিলাসীপাৰা মডেল হস্পিতালত উত্তপ্ত পৰিস্থিতি

বিলাসীপাৰা, ১৯ ফেব্ৰুৱাৰী : বিলাসীপাৰা মডেল হস্পিতালত উত্তপ্ত পৰিস্থিতি। এগৰাকী আৰক্ষী জোৱানৰ উদ্ভণ্ডালি আৰু গুণ্ডাগিৰিক লৈ ক্ষোভ প্ৰকাশ হাস্পতাল কৰ্তৃপক্ষৰ(Chaos at Bilasipara Model Hospital) ।

অভযোগ অনুসৰি, আব্দুল কাদেৰ জেলানি নামৰ আৰক্ষী জোৱান জনে বলপূৰ্বকভাৱে নিজৰ জীয়ৰীক আগতীয়াকৈ চিকিৎসা কৰোৱাবা বিচাৰিছিল । কিন্তু ক্ৰমিক নং অনুসৰি ৰেডিঅ’লোজিষ্ট গৰাকীয়ে অপেক্ষা কৰিব কোৱাতেই মাৰপিটৰ ঘটনা সংঘটিত হয়।জানিব পৰা মতে, আব্দুল কাদেৰ জেলানী নামৰ আৰক্ষী জোৱানৰ আক্ৰমণত আহত হয় বিলাসীপাৰা মডেল হাস্পতালৰ ৰেডিঅ’লোজিষ্ট অশোক নাথ(Chaos at Bilasipara Model Hospital) ।

এই ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু আব্দুল কাদেৰ জেলানীক আটক কৰে বিলাসীপাৰা আৰক্ষীয়ে ।

লগতে পঢ়ক : At least 64 killed in massacre in PNG highlands : ভয়ংকৰ জাতিগত সংঘৰ্ষ; নিহত ৬৪ গৰাকীকৈ লোক