PM Modi meets CMs of BJP-ruled states : দিল্লীৰ মণ্ডপমত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰীৰ
নেশ্যনেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : দেওবাৰে দিল্লীৰ ভাৰত মণ্ডপমত বৈঠকত মিলিত হয় বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi meets CMs of BJP-ruled states) ।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ চলি থকা বিভিন্ন আঁচনি সন্দৰ্ভত আলোচনা চলা এই বৈঠকত অংশ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাইও ।
দেওবাৰে অত্যাধুনিক ভাৰত মণ্ডপমত বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশনৰ সামৰণি দিৱসত দলীয় নেতা-সমৰ্থকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমাৰ চৰকাৰে যোৱা ১০ বছৰে সাহসী আৰু সুদূৰপ্ৰসাৰী সিদ্ধান্তৰ সাক্ষ্য হিচাপে থিয় দিছে ৷ যুগ যুগ ধৰি বাকী থকা কামবোৰ আমি সমাধান কৰিলো । অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰি পাঁচ শতিকাৰ আগৰ এটা সপোন দিঠকত পৰিণত কৰিলো । দেশখন বিশেষকৈ জম্মু-কাশ্মীৰৰ পৰা প্ৰায় ৭ টা দশকৰ পিচত ৩৭০ অনুচ্ছেদ আঁতৰোৱা হ’ল ।
লগতে স্বাধীনতাৰ পিচত আমাক ছয় দশক সময় লাগিল ‘ৰাজপথ’ৰ নাম সলনি কৰি ‘কৰ্তব্য পথ’ কৰিবলৈ । ‘এক ৰেংক, এক পেঞ্চন’ৰ দাবীও আমাৰ চৰকাৰে চাৰি দশকৰ পিছত পূৰণ কৰিলে(PM Modi meets chief ministers of BJP-ruled states ahead of Lok Sabha polls) ।”
সংসদ আৰু ৰাজ্যৰ বিধায়িনী দলত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ লক্ষ্যৰে প্ৰণয়ন কৰা আইন ‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ তাৎপৰ্য বিস্তাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমি এনে এখন আইন আনিছো যিয়ে সংসদত মহিলাৰ বাবে অধিক সংৰক্ষণৰ নিশ্চয়তা প্ৰদান কৰে ৷ তিনি তালাকৰ প্ৰথা (মুছলমানৰ মাজত)ৰ অন্ত পেলোৱা আইন এখন ৰূপায়ণৰ ক্ষেত্ৰতো আমাৰ চৰকাৰে সাহস দেখুৱালে আৰু দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰিলে ।”
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ” আমাৰ চৰকাৰৰ বিগত ১০ বছৰৰ বৈপ্লৱিক পৰিৱৰ্তনৰ সাক্ষী হোৱাটো বিজেপি কৰ্মীসকলৰ বাবে সৌভাগ্যৰ কথা । যিকোনো দেশেই আগবাঢ়ি যাব পাৰে আৰু প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে যেতিয়া জনসাধাৰণে নিজৰ ঐতিহ্যক কেৱল আঁকোৱালি লোৱাই নহয়, গৌৰৱেৰে প্ৰদৰ্শন কৰিবলৈও আগবাঢ়ি আহে । “
লগতে পঢ়ক : After Failed Abduction Bid, Youth Runs Over 2 Girls : নিশাৰ মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ