Speeding Train Collides With Alto Vehicle : চলন্ত ৰে’লে মহতিয়াই নিলে এল্ট বাহন; থিতাতে নিহত চালক

জোনাই, ১৮ ফেব্ৰুৱাৰী : চলন্ত ৰে’লে মহতিয়াই নিলে এল্ট বাহন। থিতাতে নিহত চালক।
জোনাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । শনিবাৰে সন্ধিয়া প্ৰায় ৭.৪৫ মান বজাত জোনাইৰ ৰায়াঙত ৰঙিয়াৰ পৰা উজনিমুৱা ৰে’লে মহতিয়ালে এখন এল্ট’ বাহনক । ৰে’লৰ খুন্দত থিতাতে নিহত হয় এল্ট’ বাহনখনত থকা চালকজন(Speeding Train Collides With Alto Vehicle In Jonai) ।
জানিব পৰা মতে ৰায়াঙৰ পৰা নিজ গৃহ অভিমুখে আহি আছিল লোকজন । সেই সময়তে ৰায়াংস্থিত ৰে’ল লাইন পাৰ হ’বলৈ লওঁতেই উজনিমুৱা তীব্ৰবেগী ৰে’লখনে প্ৰায় ২০০ মিটাৰ পৰ্যন্ত মহতিয়াই লৈ যায় বাহনখন । যাৰ ফলত থিতাতে নিহত হয় চালকজন ।
দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ হৈছে AS 06 AG 6690। নিহত লোকজন জোনাইৰ মেডেলা গাঁৱৰ জোনাই বিদ্যুৎ বিভাগত কৰ্মৰত অৰূপ ওৰফে মইনা সোণোৱাল বুলি জানিব পৰা গৈছে । লোকজনৰ মৃত্যুৰ ঘটনাই সমগ্ৰ জোনাইত শোকৰ ছাঁ পেলাইছে(Speeding Train Collides With Alto Vehicle) ।
লগতে পঢ়ক : Security forces recover huge cache of ammunition in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ