Man Elephant conflict : কলিয়াবৰত বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীৰ উপদ্ৰৱত নিদ্ৰা হৰিছে গঞাৰ
নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Elephant menace in kaliabor )। ৰাজ্যত দিনক দিনে বনৰীয়া হাতী আৰু মানুহৰ সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত হোৱা দেখিবলৈ পোৱা যায়(Man Elephant conflict)।
নিতৌ সংবাদ শিৰোণাম দখল কৰে হাতী মানুহৰ সংঘাতে । খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত হাতী মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰত অব্য়াহত আছে বন্যহস্তীৰ উপদ্ৰৱ ।শুকুৰবাৰে নিশা কলিয়াবত বন্যহস্তীৰ তাণ্ডৱ।
শুকুৰবাৰে নিশা নগাওঁ জিলাৰ কলিয়াবৰৰ কেইবাখনো গাঁৱত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলালে । নিশা কলিয়াবৰৰ চামধাৰা আৰু বাঘৰচুক গাঁৱত উপদ্ৰৱ চলাই বন্যহস্তীয়ে । বনৰীয়া হাতীয়ে নিশা কেইবাটাও ঘৰৰ ক্ষতিসাধন কৰাৰ লগতে ভঁৰাল ভাঙি ধান খাই তহিলং কৰে । বনৰীয়া হাতৰ উপদ্ৰৱ শংকিত হৈ পৰে স্থানীয় ৰাইজ ।
জানিব পৰা মতে, চামধৰা গাঁৱৰ প্ৰফুল্ল বৰা, জ্যোতিৰূপা হাজৰিকা আৰু বাঘৰচুকৰ মনমোহন শইকীয়াৰ নামৰ লোককেইজনৰ ঘৰত হাতীয়ে উপদ্ৰৱ চলাই ভঁৰাল ঘৰৰ ধান খোৱাৰ লগতে ঘৰৰ পকী দেৱালয়ৰ ক্ষতিসাধন কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা হাতীৰ উপদ্ৰৱ অব্যাহত কলিয়াবৰত । আনহাতে, বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা বন বিভাগে সুৰক্ষা দিব নোৱাৰাক লৈ অঞ্চলবাসী ক্ষুব্ধ হৈ পৰিছে ।
বৃহত্তৰ কলিয়াবৰৰ বহুকেইখন গাঁৱত নিশা বন্যহস্তীৰ সন্ত্ৰাসত ৰাইজে উজাগৰে কটাবলগীয়া হৈছে । ইপিনে,স্থানীয় ৰাইজে অভিযোগ কৰি কয় যে বন বিভাগৰ ব্যৰ্থতাৰ বাবেই দৈনিক বন্যহস্তীয়া উপদ্ৰৱ চলাই আহিছে ।
আমি দৈনিক হাতী মানুহৰ আক্ৰমণ কথা শুনিবলৈ পাওঁ। নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। ক’ৰবাত যদি হাতীয়ে ঘৰ ভাঙিছে, আন ক’ৰবাত আকৌ লহপহীয়া খেতিডৰাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। পকা ধাননি পথাৰডৰা তহিলং কৰাৰ পাছতে খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া হৈছে। হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। হাতীৰ উপদ্ৰৱ অব্যাহত থকা অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে (Man Elephant conflict)।
হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰা বুলিও অভিযোগ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া।