Local, Vocal, Global

Arvind Kejriwal appears before Delhi court via videoconference : ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাউজ এভিনিউ আদালতত হাজিৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আজি ৰাউজ এভিনিউ আদালতত হাজিৰ হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । ED ৰ অহৰহ চমনৰ পিছতে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ হয় দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে(Arvind Kejriwal appears before court in case of evading ED summons via video conference) ।

উল্লেখ্য যে, দিল্লীৰ আবকাৰী নীতিৰ গোচৰত একাধিক চমন জাৰি কৰিছিল মুখ্যমন্ত্ৰী গৰাকীলৈ । কিন্তু চমন লাভ কৰাৰ পিছতো বলবৎকাৰী সঞ্চালকালয়ৰ কাৰ্যালয়ত হাজিৰ হোৱা নাছিল মুখ্যমন্ত্ৰী গৰাকী ।

কিন্তু আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাউজ এভিনিউ আদালতত হাজিৰ হয় আম আদমি পাৰ্টিৰ চুপ্ৰেমো তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল । বিধানসভাত আস্থা প্ৰস্তাৱৰ আলোচনা আৰু চলি থকা বাজেট অধিৱেশনৰ বাবে তেওঁ ব্যক্তিগতভাৱে উপস্থিত হ’ব নোৱাৰাৰ কথা উল্লেখ কৰে( Arvind Kejriwal appears before Delhi court via videoconference) ।

ইফালে আবকাৰী নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে আপ নেতা মণীষ ছিছোদিয়া আৰু সঞ্জয় সিং আজি শাৰীৰিকভাবে আদালতত হাজিৰ হ’ব পাৰে ৷ আনহাতে সত্যেন্দৰ জৈনে ভাৰ্চুৱেলি হাজিৰ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Assam Congress expels senior leader Dadu Taye from party : অৱশেষত প্ৰদেশ কংগ্ৰেছৰ পৰা বহিষ্কাৰ দাদু টায়েক