Local, Vocal, Global

Daily Horoscope for 16th February : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো ফুৰ্তি আৰু আনন্দৰে ভৰা হ’ব । বাকী থকা ধন আপুনি ঘুৰাই পাব আৰু আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হব । আপোনাৰ হাঁহি-খিকিন্দালি কৰা স্বভাৱৰ বাবে সামাজিক মিলা-প্ৰীতি কৰা ঠাইত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। কাম-কাজত অলপ সমস্যাৰ পিছত আপোনাৰ দিনটোত কিছু ভাল হোৱা দেখিবলৈ পাব । নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিচু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব । আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হব।

বৃষ ৰাশি : সন্ধিয়াৰ সময়ত অপোনাৰ জীৱন সংগীৰ লগত কোনোবা চিনেমা ,থিয়েটাৰ আৰু ৰেষ্টুৰেণ্টত সময় অতিবাহিত কৰিলে আপুনি বহুত সুখ অনুভৱ কৰিব । আজি আপোনাৰ ধন লাভ হব। আপোনাৰ বাবে প্ৰিয়জনৰ পৰা দূৰত থকাটো বহুত অসহনীয় হব। আজি আপুনি আপোনাৰ উদ্দেশ্যক সফল কৰাত সফল হব ,যদি কামটো কৰিবৰ বাবে বেলেগৰ সহায় লয় যদি। আজি আপুনি নতুন কিতাপ এখন কিনি আনি কোনোবা বন্ধ কোঠালীত গোটেই দিন অতিবাহিত কৰিব পাৰে।আজি আপোনাৰ স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হব পাৰে।

মিথুন ৰাশি : জীৱন সংগী সুখৰ কাৰক হৈ উঠিব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব লগতে জীৱনগামী আৰু শক্তিৰে ভৰা ব্যৱহাৰ আপোনাৰ ওচৰে পাজৰে থকা লোকসকলোকো সুখী কৰি তুলিব। যদি আপোনাৰ লগৰীয়া আপোনাক প্ৰতিশ্ৰুতি দি বেয়া অনুভৱ কৰি আছে তেন্তে বহি মেলি আপোনালোকে এই কথাৰ মীমাংসা কৰাৰ প্ৰয়োজন আছে। কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে।

কৰ্কট ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । আজি আপোনাৰ পইচাৰ প্ৰয়োজন হ’ব । পৰিয়ালৰ সদস্যৰ লগত হাঁহি-খিকিন্দালিৰে ভৰা ব্যৱহাৰে ঘৰৰ পৰিৱেশক লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। নিজৰ প্ৰিয়জনৰ পূৰণি কথা বোৰৰ বাবে ক্ষমা কৰি দিয়ক ,যি আপোনাৰ জীৱন ভাল কৰাত অৰিহনা যোগাব। আজি আপোনাৰ সহকৰ্মী আপোনাৰ কামৰ প্ৰশংসা কৰিব আৰু আপোনাৰ ওপৰ বিষয়াও আপোনাৰ কামত বহুত সুখী হব। ব্যৱসায়ী সকলোৰো আজি ব্যৱসায়ত লাভৰ যোগ আছে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । আজি আপোনাৰ জীৱন সংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে।

সিংহ ৰাশি : বাহিৰত ঘুৰা ফুৰা , ফুৰ্তি আৰু পাৰ্টী কৰি থাকিলে আপোনাৰ মন ভালে থাকিব। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। পৰিয়ালৰ সদস্যসমূহৰ প্ৰয়োজনৰ ওপৰত ধ্যান দিয়ক । আপোনাৰ জীৱনত প্ৰেমৰ লহৰ আহিব পাৰে , আপুনি অকল সতৰ্ক থকাৰ হে প্ৰয়োজন কাৰণ কোন কেতিয়া আহিব আপুনি নাজনিবও পাৰে। আজি কৰ্মক্ষেত্ৰত হঠাৎ আপোনাৰ কামৰ পৰ্যাৱেক্ষণ হব পাৰে, এনেতে আপুনি যদি কিবা ভুল কৰিছে তেনে তাৰ পৰিণতি আপুনি ভুগিব লাগিব ।

কন্যা ৰাশি : আপোনাৰ ধনাত্মক চিন্তা ধাৰাক পুৰস্কৃত কৰা হব । নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে। আপুনি যত আছে ততে থাকিব কিন্তু নিজৰ প্ৰেমক এক নতুন দিশত লৈ যাব । এই ৰাশিৰ ব্যৱসায়ীসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। আজি আপোনাৰ দ্বাৰা সেইবোৰ কাম কৰা হব যিবোৰ আপুনি অকল অনবৰতে ভাৱি থাকে কিন্তু কেতিয়াও কৰাত সমৰ্থ নাই হোৱা বৈবাহিক জীৱনত বহুত ভাল বেয়া সময়ৰ পিছত আজিয়ে সেইটো দিন যিদিনা আপুনি এজনে আনজনৰ প্ৰতি থকা মৰম আৰু ভাল পোৱা সমূহ উপলব্ধি কৰিব।

তুলা ৰাশি : ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। আপোনাৰ প্ৰিয়জনৰ অস্থিৰ ব্যৱহাৰ আজি আপোনাৰ মন বেয়া কৰি দিব পাৰে। সৃজনাত্মক কামৰ লগত জড়িত মানুহ বোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হব, বহুদিনৰ পৰা বিচৰা নাম আৰু সন্মান আজিয়ে সিহঁতে পাব। আপুনি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগ বঢ়াব যিবোৰ মানুহ আপোনাৰ পৰা সহায় সহযোগ বিচাৰিব।

বৃশ্চিক ৰাশি : আপোনাৰ ৰুক্ষ ব্যৱহাৰে আপোনাৰ জীৱন সংগীৰ মন বেয়া কৰি দিব পাৰে । আপোনাৰ স্বাস্থ্য আজি বেয়া হোৱাৰ সম্ভাৱনা। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱ সমূহ হ্ৰাস কৰি দিব। প্ৰেম সদায় আত্মীয় হয় আৰু এই কথা আজি আপুনি অনুভৱ কৰিব। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব।

ধনু ৰাশি : আপুনি অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। আপোনালোকৰ মাজৰ কোনোবাই গহনা অথবা ঘৰুৱা প্ৰয়োজনীয় বস্তু কিনিব পাৰে। কাৰ্য ক্ষেত্ৰত আপোনাৰ কামৰ বহুত প্ৰশংসা হব। ছাত্ৰসকলক পৰামৰ্শ দিয়া হল যে বন্ধুত্বৰ খাতিৰত সিহতে যাতে সময় অপচয় নকৰে ।

মকৰ ৰাশি : অধিক যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। বন্ধু আৰু পৰিয়াল বৰ্গৰ লগত ধুনীয়া আৰু ভাল সময় অতিবাহিত হব। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল’ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰে ।

কুম্ভ ৰাশি : আজি আপুনি উৰ্জা আৰু শক্তিদি ভৰপূৰ হ’ব,আপুনি যি কাম সাধাৰণতে কৰোতে একদিন লাগে সেই কাম আজি আপুনি আজি আধা দিনতে সম্পুৰ্ণ কৰিব পাৰিব। অকল ভালকৈ ভাৱি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হব । আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হব পাৰে ,যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হব পাৰে।আপোনাৰ ব্যক্তিত্বই এনেকুৱা যে আপুনি বেছি মানুহৰ মাজত অসহজবোধ কৰে আৰু নিজৰ বাবে সময় উলিওৱাৰ চেষ্টাত লাগি যায়।

মীন ৰাশি : অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে।আজি অকল অচিনাকি ব্যক্তি নহয় আনকি নিজৰ বন্ধু-বান্ধৱৰ পৰাও সাৱধানে থকাৰ প্ৰয়োজন আছে। সত্য আৰু পৱিত্ৰ প্ৰেমৰ অনুভূতিয়ে আপোনাক সুখী কৰিব। আজি আপুনি কঠোৰ পৰিশ্ৰমৰে কাৰ্যক্ষেত্ৰত নিজৰ পৰিচয় দাঙি ধৰিব। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে।