Local, Vocal, Global

ED summons Arvind Kejriwal for 6th time in Delhi excise policy case : আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ চমন জাৰি

নেশ্যনেল ডেস্ক, ১৫ ফেব্ৰুৱাৰী : পুনৰ ED ৰ চমন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ(ED again summons Delhi CM Arvind Kejriwal) । পুনৰ দিল্লীৰ বহু চৰ্চিত আবকাৰী নীতিৰ দুৰ্নীতি গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন জাৰি কৰিছে ED য়ে(ED summons Arvind Kejriwal for 6th time in Delhi excise policy case)।

সেই অনুসৰি মুখ্যমন্ত্ৰীগৰাকী ১৯ ফেব্ৰুৱাৰীত হাজিৰ হ’ব লাগিব ED কাৰ্যালয়ত।দিল্লীৰ সুৰা কেলেংকাৰী গোচৰৰ সৈতে নাম সাঙোৰ খোৱা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ ED য়ে চমন জাৰি কৰিছে। ইয়াৰ পূৰ্বেও এই গোচৰৰ সন্দৰ্ভত কেজৰিৱালক এপ্ৰিল, অক্টোবৰ আৰু ডিচেম্বৰত,৩জানুৱাৰী ১৭ জানুৱাৰী আৰু ২ফেব্ৰুৱাৰীত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমন কৰিছিল ৷ পূৰ্বে জাৰি কৰা ৫খন চমনকে ধৰি এইখন ষষ্ঠ সংখ্যক চমন। কিন্তু পূৰ্বেৰ এই জাননী অবৈধ বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে । সেয়া বাতিল কৰাৰ দাবী কৰে আৰু ইডিৰ সন্মুখত হাজিৰ হোৱা নাছিল। ষষ্ঠ সংখ্যক চমন অনুসৰি ১৯ ফেব্ৰুৱাৰীত ই ডিৰ ওচৰত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী কেজৰিৱাল।

পূৰ্বৰ চমন সন্দৰ্ভত কেজৰিৱালে কৈছিল যে ED বিজেপিয়ে চলাই আছে । লোকসভা নিৰ্বাচনৰ দুমাহ পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে । এয়া এক ৰাজনৈতিক ষড়যন্ত্ৰ( ED’s 6th summons to Arvind Kejriwal, tells him to appear February 19) ।

ইয়াৰ পূৰ্বেও ইডিয়ে প্ৰেৰণ কৰা চমনৰ পিছত কেজৰিৱাল গুজৰাট আৰু গোৱাত নিৰ্বাচনী ভ্ৰমণলৈ গৈছিল(ED issues 6th summons to Kejriwal)। ১৯ ফেব্ৰুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ED কাৰ্যালয়ত হাজিৰ হয় নে নহয় সেয়া লক্ষণীয়া হ’ব ।

লগতে পঢ়ক : Manipur violence : অগ্নিগৰ্ভা মনিপুৰত যেন অস্তিত্বহীন চৰকাৰ-প্ৰশাসন!