Local, Vocal, Global

HSLC Examinations will start on Friday : শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা;এইবাৰৰ পৰীক্ষাত ৪টাকৈ বিষয়ত বৃহৎ পৰিৱৰ্তন আহিব !

নিউজ ডেস্ক, ১৫ ফেব্ৰুৱাৰী : শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব ৪,২৭,৯২২ গৰাকী পৰীক্ষাৰ্থী । এইবাৰ ৰাজ্যত মুঠ ৯১৩টা কেন্দ্ৰত আয়োজিত কৰা হৈছে পৰীক্ষা । ১৬ ফেব্ৰুৱাৰী পৰা আৰম্ভ হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা অহা ৪ মাৰ্চলৈকে অনুষ্ঠিত হ’ব(HSLC Examinations will start on Friday)।

উল্লেখ্য যে, এইবাৰৰ পৰীক্ষাত বৃহৎ পৰিৱৰ্তন আহিব ৪টাকৈ বিষয়ত । এই বৰ্ষত প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত পৰীক্ষাৰ্থীয়ে OMR Sheet ব্যৱহাৰ কৰিব লাগিব। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত পৰীক্ষাৰ্থীক omr sheet দিয়া হ’ব। এই চাৰিটাকৈ বিষয়ত ৪৫টা ১নম্বৰৰ প্ৰশ্ন থাকিব আৰু বেলেগ এখন উত্তৰ বহীত পৰীক্ষাৰ্থীয়ে ৪৫ নম্বৰৰ দীঘল প্ৰশ্নৰ উত্তৰ লিখিব লাগিব(HSLC Examinations will start on Friday)।

আনহাতে, SEBAই ধাৰ্য কৰা নিৰ্ধাৰিত সময়তকৈ ১০ মিনিট আগত প্ৰতিগৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব। অৰ্থাৎ পুৱাৰ ভাগত ৯ বজাৰ পৰীক্ষাৰ বাবে ৮ বাজি ২০ মিনিটতে পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থী উপস্থিত হ’ব লাগিব। ইফালে, দিনৰ ভাগত ১ বাজি ৩০ মিনিটৰ পৰীক্ষাৰ বাবে দুপৰীয়া ১ বজাত পৰীক্ষাৰ্থীসকল উপস্থিত হ’ব লাগিব।

লগতে পঢ়ক : Two Devastating Fires Broke out in Tinsukia : তিনিচুকীয়াত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড; ভষ্মীভূত বাসগৃহ