Local, Vocal, Global

Delhi remains under tight security as farmer determined to march : কৃষকৰ দিল্লী চলো প্ৰতিবাদ কাৰ্যসূচীৰ আজি দ্বিতীয় দিন;কঠোৰ নিৰাপত্তাৰ অধীনত দিল্লী,কৃষকক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ

নেশ্যনেল ডেস্ক, ১৪ ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় ৰাজধানীলৈ যাত্ৰা কৰাৰ সিদ্ধান্তত অটল হৈ আছে প্ৰতিবাদকাৰী কৃষকসকল । কৃষকৰ দিল্লী চলো প্ৰতিবাদ কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। হাজাৰ হাজাৰ কৃষকে দিল্লী সীমান্তত প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ বিপৰীতে আৰক্ষী, নিৰাপত্তাৰক্ষীয়েও প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ পূৰ্ণ চেষ্টা কৰিছে। যাৰ বাবে বুধবাৰে কেন্দ্ৰীয় দিল্লী আৰু দিল্লী-হাৰিয়ানা সীমান্ত নিয়োগ কৰা হৈছে বৃহৎ সংখ্যাত নিৰাপত্তাৰক্ষী। আনহাতে, বৃহত্তৰ অঞ্চলটো বেৰিকেডেৰে আবদ্ধ কৰি পেলোৱা হৈছে । যাৰ বাবে এতিয়া যাত্ৰীসকলৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে(Delhi remains under tight security as farmer determined to march) ।

এগৰাকী বিষয়াই জনোৱা অনুসৰি, সংঘৰ্ষ বিৰোধী নিৰাপত্তাৰক্ষীসকলক মোতায়েন কৰা হৈছে আৰু পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ ড্ৰোণ ব্যৱহাৰ কৰা হৈছে । সিংগু আৰু টিক্ৰি সীমান্তৰ লগতে গাজীপুৰ সীমান্তত বেৰিকেড, কংক্ৰিটৰ ব্লক, লোৰ জোং থকা বেৰ আৰু কণ্টেইনাৰ বেৰৰ কেইবাটাও স্তৰ স্থাপন কৰা হৈছে। আন এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে, প্ৰয়োজন হ’লে সীমান্তত আৰু কেন্দ্ৰীয় দিল্লীত নিৰাপত্তা ব্যৱস্থা অধিক বৃদ্ধি কৰা হ’ব । আনহাতে, তিনিটা সীমান্ত ক্ষেত্ৰত ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ বাবে যাত্ৰীসকলে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হোৱাত অসুবিধাৰ সন্মুখীন হ’ব পাৰে বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।

ইফালে বুধবাৰে পুৱাৰ পৰাই আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকৰ মাজত কন্দুৱা গেছ নিক্ষেপ কৰে। মঙলবাৰে সিংঘু সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।মঙলবাৰে নিশা বহু পৰলৈকে প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰি আছিল আৰক্ষীয়ে। ইয়াৰ মাজতে প্ৰতিবাদকাৰী কৃষক আৰু আৰক্ষীৰ মাজত হোৱা হতাহতিত বহুলোক আহতও হয়। চৰকাৰ আৰু কৃষকসকলৰ মাজত নিশাৰ ভাগত হোৱা আলোচনা অমীমাংসিত হৈ থাকে। কৃষকসকলে প্ৰথমে দিল্লীৰ ওচৰৰ সীমান্তত একত্ৰিত হোৱাৰ পৰিকল্পনা কৰিছে আৰু তাৰ পিছত পৰৱৰ্তী ৰণনীতিৰ বিষয়ে সিদ্ধান্ত লোৱাৰ পৰিকল্পনা কৰিছে।মঙলবাৰে দৰ্শনাৰ্থীসকলৰ বাবে লালকিল্লা চৌহদ অস্থায়ীভাৱে বন্ধ কৰি ৰখা হয় । আনহাতে, দিল্লী আৰক্ষীয়ে এমাহৰ বাবে ফৌজদাৰী প্ৰক্ৰিয়া বিধিৰ (চিআৰপিচি) ধাৰা 144-ৰ অধীনত পাঁচ বা ততোধিক লোকৰ সমাবেশ, শোভাযাত্ৰা বা ৰেলী আৰু মানুহ কঢ়িয়াই অনা ট্ৰেক্টৰ-ট্ৰলীৰ প্ৰৱেশ নিষিদ্ধ কৰিছে (Delhi Remains Under Tight Security As Farmers Determined To March)।

চৰকাৰে জনাইছে যে আলোচনা অব্যাহত থাকিব আৰু কৃষকসকলো আলোচনাৰ বাবে সাজু। আনহাতে পঞ্জাৱ কৰ্তৃপক্ষই হাৰিয়ানাৰ দ্বাৰা শম্ভু সীমান্তত আন্দোলনকাৰী কৃষকসকলৰ ওপৰত কন্দুৱা গেছৰ নিক্ষেপ আৰু ড্ৰোন ব্যৱহাৰ কৰাত আপত্তি দৰ্শাইছে।

উল্লেখ্য যে, ২০২০ চনত কৃষকৰ প্ৰতিবাদৰ সময়ত বিভিন্ন ৰাজ্য মুখ্যত পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলে সিংগু, গাজীপুৰ আৰু টিক্ৰি সীমান্তত এক অৱস্থান কাৰ্যসূচী প্ৰদৰ্শন কৰিছিল । তেওঁলোকে ২০২০ চনৰ আগষ্টৰ পৰা ২০২১ চনৰ ডিচেম্বৰলৈকে তাত অৱস্থা কৰিছিল।