Local, Vocal, Global

Fagun : সৰাপাতত উচুপনি তুলি ধূলিয়ৰি বাটেৰে আকৌ আহিল ফাগুন

নিউজ ডেস্ক,১৪ ফেব্ৰুৱাৰী : আজি পহিলা ফাগুন!

সৰাপাতত উচুপনি তুলি ধূলিয়ৰি বাটেৰে আকৌ আহিল ফাগুন ।আঘোণ যোৱা বাটেৰেই ফাগুনে আনে বসন্তৰ খবৰ ।

শীতৰ হাঁড় কপোৱা জাৰৰ মাজেৰেই সংগোপনে নামি আহিছে ফাগুন। কুঁৱলীয়ে সেমেকাই ৰখা ধৰাৰ বুকুত এতিয়া ফুলিছে তেজৰঙী পলাশ শিমলুৰ ফুল। কেইদিন মানৰ আগলৈকে মেঘাচ্ছন্ন হৈ থকা আকাশতো এতিয়া কেৱল আৰু কেৱল ফাগুনৰে বতৰা। কোৱা হয় ফাগুন দুষ্ট, ফাগুন ৰুক্ষ। কিন্তু লঠঙা ফাগুনৰো আছে এক সুকীয়া পৰিচয়। কিয়নো এই দুষ্ট ফাগুনেই কঢ়িয়াই আনে প্ৰেমৰ বতৰা। মতলীয়া ফাগুনত আকাশত চিলা হৈ উৰে মন। মৃদু বতাহজাকত অভিমানী ফাগুনে সৰাপাতৰ দলিচা পাৰে। ফাগুনৰ এই সময় চোৱাতে কবিৰ কাপেৰে নিগৰি আহে অলেখ-অযুত প্ৰেমৰ কবিতা( Fagun)।

তেজৰঙী এই ফাগুন যদিও ধুলিৰে ধূসৰিত তথাপিও কিন্তু সকলোৰে প্ৰিয় কিয়নো এই বলিয়া ফাগুনে কঢ়িয়াই আনে উতসৱৰ বতৰা। আঘোণ যোৱা বাটেৰে ফাগুনেই আনে বসন্তৰ খবৰ।

আনবাৰতকৈ এইবাৰৰ ফাগুন কিন্তু বিশেষ। আজি পহিলা ফাগুন, আৰু ফাগুনৰ এই পহিলা দিনটোতেই সমগ্ৰ বিশ্ববাসীয়ে প্ৰেমৰ দিন হিচাপে চিহ্নিত ভেলেইনটাইন ডে উদযাপন কৰাৰ সমান্তৰাল কৈ ৰাজ্যবাসীয়ে উদযাপন কৰিছে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী পূজাৰ লগতে মিচিং জনগোষ্ঠীয় লোক সকলৰ পৰম্পৰাগত কৃষিভিত্তিক উতসৱ আলি-আয়ে-লৃগাং। ফাগুনৰ প্ৰথম দিনটোতেই উতসৱৰ ৰঙেৰে ৰঙীণ ৰাজ্যৰ চৌপাশ।

লগতে পঢ়ক : Saraswati Puja 2024 : আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা