World Radio Day 2024 : আজি বিশ্ব ৰেডিঅ’ দিৱস
নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : আজি বিশ্ব ৰেডিঅ’ দিৱস(World Radio Day) ৷ ৰেডিঅ’ৰ স্বকীয়তা আজি অক্ষত হৈ আছে । তথ্য প্ৰযুক্তিৰ অভূতপূৰ্ব উত্থানৰ সময়ত ৰেডিঅ’ এতিয়াও মানুহৰ মাজৰ পৰা হেৰাই যোৱা নাই । ২০১১ চনত ১৩ ফেব্ৰুৱাৰী দিনটো বিশ্ব ৰেডিঅ দিৱস হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে ইউনেস্কই ৷ তাৰবাবে আজিৰ দিনটোত অৰ্থাৎ ১৩ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে বিশ্ব ৰেডিঅ’ দিৱস হিচাপে পালন কৰা হয় (World Radio Day 2024) ।
এসময়ত ৰেডিঅ’ আছিল আভিজাত্যৰ প্ৰতীক । দীৰ্ঘসময় ৰেডিঅ’ যোগাযোগ আৰু মনোৰমধৰ্মী মাধ্যমৰ একছত্ৰী আছিল । কিন্তু এতিয়া কিছু ম্লান পৰিছে ৰেডিঅ’ৰ জনপ্ৰিয়তা । ম’বাইল ইন্টাৰনেট আগ্ৰাসনৰ মাজত ৰেডিঅ’ৰ জনপ্ৰিয়তা বহু পৰিমাণে হ্ৰাস পাইছে ।
ইতিহাস উনবিংশ শতিকাৰ মাজভাগত সমগ্ৰ বিশ্বতে ৰেডিঅ’ সম্প্ৰচাৰ আৰম্ভ হৈছিল। শব্দ তৰংগ আৰু সংকেতৰ সহায়ত, বাৰ্তাবোৰ এক নিৰ্দিষ্ট বেণ্ডৱিথৰ ভিতৰত প্ৰেৰণ কৰা আৰম্ভ হয়। কিন্তু ভাৰতত ৰেডিঅ’ৰ আগমন বিংশ শতিকাৰ আৰম্ভণিৰ পৰা আৰম্ভ হয়। যিসকলে বিজ্ঞাপন আৰু বাতৰি কাকত পঢ়িব নোৱাৰিলে তেওঁলোকে ৰেডিঅ’ আৱিষ্কাৰ হোৱাৰ পিছত বিভিন্ন তথ্য আৰু বাতৰি ভালদৰে শুনিব আৰু বুজিব পাৰিছিল। এই মাধ্যমৰ জনপ্ৰিয়তা জীয়াই ৰাখিবলৈ আৰু ইয়াৰ ব্যৱহাৰ বিয়পাবলৈ প্ৰতি বছৰে ১৩ ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস বিশ্বব্যাপীয়ে পালন কৰে।
উল্লেখযোগ্য যে ৰেডিঅ’ আজিও নোহোৱা হৈ যোৱা নাই ।চৰকাৰী ৰেডিঅ’ চেনেল অৰ্থাৎ চৰকাৰৰ পৃষ্ঠপোষকতাত থকা আকাশবাণী কেন্দ্ৰৰ কাৰ্যসূচী ৰাইজৰ আশা, প্ৰয়োজনীয়তা পূৰণত লাহে লাহে দুৰ্বল হৈ অহাৰ বাবে ৰেডিঅ’ৰ জনপ্ৰিয়তা বিভিন্ন লোক ম্লান পৰা বুলি মতপোষণ কৰা দেখা যায় । কিন্তু ইণ্টাৰনেট ব্যৱস্থাই ঢুকি নোপোৱা বহু স্থানত এতিয়াও একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাবে স্থান পাই আহিছে ৰেডিঅই ৷ তাৰ অন্যতম উদাহৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্য ৷ বৰ্তমান এনড্ৰইড মোবাইল যোগতো ৰাষ্ট্ৰীয় উদ্যানখনৰ একাংশ বন শিবিৰত উপলব্ধ ৰেডিঅ ৷ কাৰণ গভীৰ অৰণ্যৰ মাজত কোনো কোনো এলেকাত ডিজিটেল নেটৱৰ্কিং শূন্য ৷
আজিৰ দিনটোত বিশ্ব ৰেডিঅ’ দিৱস সমগ্ৰ বিশ্বৰ ৰেডিঅ’ ষ্টেচন, সংস্থা আৰু ব্যক্তিসকলে ব্যাপকভাৱে উদযাপন কৰা হয় । প্ৰতিবছৰে এটা বিশেষ বিষয়-বস্তু নিৰ্ধাৰণ কৰি উদযাপন কৰা হয় ৰেডিঅ’ দিৱস ।