Local, Vocal, Global

Drugs Peddler Arrested : হাটশিঙিমাৰীত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(Drugs Peddler Arrested) ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰে হাটশিঙিমাৰীত আৰক্ষীয়ে অভিযান চলাই । অভিযানত হাটশিঙিমাৰীৰ কানাইমাৰাত আৰক্ষীয়ে আটক কৰে ড্ৰাগছসহ এজন সৰবৰাহকাৰীক। হাটশিঙিমাৰীৰ খাৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহাৰী আজগৰ আলী নামৰ এজন লোককক। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰীটোৰ ঘৰ কানাইমাৰা গাঁৱত বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে আজগৰ আলীৰ পৰা জব্দ কৰে ১৩৮১ টা য়াবা টেবলেট। আৰক্ষীৰ অনুমান অনুসৰি নিষিদ্ধ য়াবা টেবলেটখিনিৰ মূল্য প্ৰায় ১৪ লাখ টকা।

লগতে পঢ়ক :VP Jagdeep Dhankhar To Arrive In Guwahati Today : আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়