Local, Vocal, Global

Residence Of BJP Leader Vandalised : পৰকীয়া প্ৰেমৰ বাবেই বিজেপি নেতাৰ ঘৰত আক্ৰমণ যুৱকৰ !

চিৰাং , ৭ ফেব্ৰুৱাৰী : বিজেপি নেতাৰ ঘৰত আক্ৰমণ যুৱকৰ ।পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত কৰাৰ স্বীকাৰোক্তি অভিযুক্তৰ(Residence Of BJP Leader Vandalised ) ।

চিৰাঙৰ বাসুগাঁৱত সংঘটিত হৈছে এই ঘটনাটো ।চিৰাঙৰ বাসুগাঁৱত বিজেপিৰ প্ৰাক্তন জিলা সম্পাদক তথা বাসুগাঁও পৌৰসভাৰ ১নং ওৱাৰ্ডৰ মেম্বাৰ ওৱাৰ্ড মেম্বাৰ ভাস্কৰ মণ্ডলৰ বাসগৃহত আক্ৰমণ যুৱকৰ। বিজেপি নেতা জনৰ বাসগৃহত প্ৰৱেশ কৰি ভাঙি লণ্ড ভণ্ড কৰিলে ঘৰৰ আচবাবৰ লগতে নথি-পত্ৰ(Residence Of BJP Leader Vandalised In Chirang In Suspected Revenge Attack Over Extramarital Affair)।

ইতিমধ্যে আক্ৰমণকাৰী শুভঙ্কৰ মণ্ডলক আটক কৰিছে বাসুগাঁও আৰক্ষীয়ে। পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ অভিযুক্তৰ। সদ্য বিবাহিত বিজেপি নেতা ভাস্কৰ মণ্ডলে বিবাহৰ পূৰ্বৰে পৰা চুবুৰীয়া শুভঙ্কৰ মণ্ডলৰ পত্নী তথা এটা সন্তানৰ মাতৃ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ। আঘোন মাহত বিবাহপাশত আৱদ্ধ হোৱা ভাস্কৰ মণ্ডলে বিবাহৰ পিছতো অবৈধ প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আছিল বুলি অভিযোগ শুভঙ্কৰ মণ্ডলৰ।

জানিব পৰা মতে বিবাহৰ পিছতো ভাস্কৰ মণ্ডলে প্ৰেয়সীক কিনি দিছিল নতুন মোবাইল ফোন। শুভঙ্কৰ মণ্ডলে বিজেপি নেতা ভাস্কৰ মণ্ডলৰ অবৈধ প্ৰেমৰ প্ৰমান হিচাপে প্ৰদান কৰে হোৱাটচ্ এপ বাৰ্তালাপ।

উল্লেখ্য যে আক্ৰমণকাৰী শুভঙ্কৰ মণ্ডলে পূৰ্বে বহুবাৰ এনে কুকৰ্মৰ পৰা আঁতৰি থাকিবলৈ সকিয়াই দিছিল ভাস্কৰ মণ্ডলক। কিন্তু পৰকীয়া প্ৰেমত মচগুল ভাস্কৰে বিবাহৰ পিছতো শুভঙ্কৰ মণ্ডলৰ পত্নীৰ সৈতে ৰক্ষা কৰি গৈছিল প্ৰেমৰ সম্পৰ্ক। আজি পুনৰ ভাস্কৰ মণ্ডলে শুভঙ্কৰৰ পত্নীক মেছেজ কৰাৰ পিছতে ধৰা পেলাই উত্তেজিত শুভঙ্কৰে নিজৰ পত্নীকবলপূৰ্বকভাৱ বিজেপি নেতা ভাস্ককৰ বাসগৃহলৈ লৈ অনাতে ক্ষান্ত নেথাকি উত্তেজিত পৰকীয়া প্ৰেমৰ বাবেই ঘটনা সংঘটিত কৰাৰ স্বীকাৰোক্তি অভিযুক্তৰশুভঙ্কৰ মণ্ডলে বিজেপি নেতা ভাস্কৰ মণ্ডলৰ বাসগৃহৰ আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰে। ঘটনাক কেন্দ্ৰ কৰি বাসুগাঁও চহৰৰ সুভাষনগৰত তীব্ৰ চাঞ্চল্য( BJP leader’s residence vandalised in Chirang in suspected revenge attack over extramarital affair)।

লগতে পঢ়ক :Junmoni Rabha Death case : জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ অভিযোগনামা দাখিল