Local, Vocal, Global

Rhino attack injures one in Gohpur : গহপুৰত গঁড়ৰ মুক্ত বিচৰণ;গড়ৰ আক্ৰমণ আহত এজন

গহপুৰ, ৬ফেব্ৰুৱাৰী : দীৰ্ঘদিনৰ পৰা হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ একাংশ ভুক্তভোগীৰ। হাতী ওলোৱা বুলি ৰাইজে বন বিভাগক খবৰ দিলেও সময়মতে বনকৰ্মী-বিষয়া ঘটনাস্থলীত উপস্থিত নহয় বুলি উত্থাপিত অভিযোগ দীৰ্ঘদিনীয়া(Rhino attack injures one in Gohpur)।

ৰাজ্যত অব্যাহত আছে বন্যপ্ৰানী আৰু মানুহৰ সংঘাত । ৰাজ্যত দিনক দিনে এই সংঘাত অধিক ভয়াবহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে। ৰাজ্যৰ কেইবাখনো জিলাত সঘনাই আমি শুনিবলৈ পাওঁ বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাতৰ কথা(Rhino menace in Gohpur )।

খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্য হস্তীকে ধৰি অন্যান্য জীৱ-জন্তু । জীৱ শ্ৰেষ্ঠ মানুহৰ কৰ্মৰ বাবে অৰ্থাত্ ব্যাপক হাৰত জনাঞ্চল সংকুচিত হৈ আহিছে । যাৰ পৰিণতিত বন্যপ্ৰানী আৰু মানুহৰ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে ।অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ লগতে নামি আহে বিভিন্ন প্ৰজাতিকৰ জীৱ-জন্তু । বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে বন্যপ্ৰানী(Rhino attack injures one in Gohpur, hospitalised)।

গহপুৰৰ ডিপৰাত গঁড়ৰ সন্ত্ৰাস ।এইবাৰ গহপুৰৰ ডিপৰাত গঁড়ৰ মুক্ত বিচৰণ । গড়ৰ আক্ৰমণ আহত এজন যুৱক । গঁড়ৰ মুক্ত বিচৰণক লৈ এতিয়া আতংকিত হৈছে অঞ্চলটোৰ গঞা।

উল্লেখ্য যে, মঙ্গলবাৰে পুৱা ৭ মান বজাত কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে এটা গড় । গড়টোৰ মুক্ত বিচৰণৰ কৰি থকাৰ সময়তে আক্ৰমণ কৰে পদুম বৰা নামৰ এজন যুৱকক । গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱজন । আহত যুৱকজন বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, বৰ্তমান গড়টো কল্যাণপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত এটা পুখুৰীত সোমাই আছে । বন বিভাগৰ লোকে গঁড়টো খেদিবৰ বাবে চেষ্টা চলাইছে যদিও এইপৰ্যন্ত খেদি পঠিয়াবলৈ সক্ষম হোৱা নাই । পুখুৰীটোৰ চাৰিওফালে স্থানীয় লোকৰ বাসগৃহ আগুৰি থকাৰ সমান্তৰালকৈ আতংকিত ৰাইজৰ বাবে গড়টো খেদি পঠিওৱাত অসুবিধা সন্মুখীন হৈছে বন বিভাগৰ লোক।

লগতে পঢ়ক : Woman Kills Son : জন্মদাত্ৰী মাতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ