Assam Budget Session : আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন

নিউজ ডেস্ক, ৬ফেব্ৰুৱাৰী : আৰম্ভ হ’ল অসম বিধানসভাৰ বাজেট অধিৱেশন । মঙলবাৰে পুৱা ৯.৩০ পৰা আৰম্ভ হ’ল অধিৱেশন ।
মঙলবাৰে দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে কেবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ লগতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব ৷
উল্লেখ্য যে, ২০২৪-২৫ বৰ্ষৰ বাজেট বিত্তমন্ত্ৰী অজন্তা নেওগে ১২ ফেব্ৰুৱাৰীৰ দিনা দাখিল কৰিব ৷ তাৰোপৰি, চলিত অধিৱেশনতে ব্যাপক চৰ্চিত বহু বিবাহ বিৰোধী বিধেয়কখন অসম চৰকাৰে উপস্থাপন কৰিব ৷ ৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা অধিৱেশন ২৮ ফেব্ৰুৱাৰীৰ দিনা অন্ত পৰিব ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে অনুষ্ঠিত হোৱা এই অধিৱেশনখনে নিৰ্বাচনত পেলাব পাৰে বিশেষ প্ৰভাৱ(Assam Budget Session ) ৷
লগতে পঢ়ক : Assam Budget Session : আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন