Bharat Jodo Nyay Yatra : আজি ২৪ দিনত ভৰি দিলে ভাৰত জোড়ো ন্যায় যাত্ৰাই

নিউজ ডেস্ক, ৬ফেব্ৰুৱাৰী : অব্যাহত আছে ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা । আজি ২৪ দিনত ভৰি দিলে ভাৰত জোড়ো ন্যায় যাত্ৰাই ।আজি ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই ঝাৰখণ্ডলৈ ৰাওনা হৈছে । ঝাৰখণ্ডৰ পিছত এই যাত্ৰা হ’ব ওড়িশাত (Bharat Jodo Nyay Yatra)।
আজিৰ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ কাৰ্যসূচী অনুসৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে খুঁণ্টি তোলি চ’কৰ পৰা ৰোড শ্ব’ কৰি কাছাৰী চ’কলৈ যাব । ৰোড শ্ব’ৰ সময়ত তেওঁ কছাৰী চ’কৰ সমীপত ৰাইজক সম্বোধন কৰিব । যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে । ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ প্ৰশাসনে জিলাখনত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে(Yatra to resume from Khunti in Jharkhand’s Ranchi) ।
উল্লেখ্য যে, সোমবাৰে বিয়লি ৰাহুল গান্ধীয়ে এইচ ই চি কেম্পাছত অৱস্থিত শ্বহীদ ময়দানত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে । জনসভাত ৰাহুল গান্ধীয়ে কয় যে স্বাধীনতাৰ পিচত ২০১৪ চনলৈকে কংগ্ৰেছে অলপ অলপকৈ গঢ়ি তোলা ৰাজহুৱা খণ্ডটোক বিক্ৰী কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা কৰিছে ।কিন্তু কংগ্ৰেছে ইয়াৰ বিৰোধিতা কৰি যাব ।
লগতে পঢ়ক : Assam Budget Session : আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিন