Local, Vocal, Global

Manash Chaliha to be produced before CJM court today : আজি CJM আদালতত হাজিৰ কৰোৱা হ’ব মানস চলিহাক

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী : আজি CJM আদালতত হাজিৰ কৰোৱা হ’ব মানস চলিহাক । আদালতত হাজিৰ কৰোৱাই পুনৰ জিম্মাত বিচাৰিব দিছপুৰ আৰক্ষীয়ে। নিশাই কোকৰাঝাৰৰ পৰা গুৱাহাটীৰ দিছপুৰ থানালৈ লৈ আহে মানস চলিহাক(Manash Chaliha to be produced before CJM court today)।

সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত আছে মানস চলিহা। অসম আৰক্ষীৰ বিষয়াই জেৰা চলাব মানস চলিহাক ।

উল্লেখ্য যে, শনিবাৰে পশ্চিম বংগৰ এখন হোটেলৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মানস চলিহাক। আলফা (স্বাধীন)লৈ ‘গুপ্তচৰ’গিৰি কৰিবলৈ মানস বৰগোহাঁই নামৰ যুৱকজনক ম্যনমাৰৰ কেম্পত পঠোৱাৰ অভিযোগ উত্থাপন হৈছিল মানস চলিহাৰ বিৰুদ্ধে। তাৰ পিছতে মানস চলিহাৰ বিৰুদ্ধে আৰক্ষীয়ে অনুসন্ধা চলাইছিল । অনুসন্ধানত এটাৰ পিছত আন এটা তথ্য ফাদিল হৈছে মানস চলিহাৰ বিৰুদ্ধে(Police arrests alleged ‘recruiter’ Manash Chaliha amid ULFA-I spying controversy) ।

ব্যৱসায়ীজনৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ। আৰু সেই গোচৰৰ ভিত্তিতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মানস চলিহাক।

লগতে পঢ়ক : New party linked to Hafiz Saeed to run in Pakistan general elections : পাকিস্তানৰ নিৰ্বাচনত নামিব মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছৈইদৰ দল !