Local, Vocal, Global

Assam Budget Session Begins Today : বিৰোধীৰ হুলস্থূলত আৰম্ভণি কৰিয়েই ভাষণ সামৰিলে ৰাজ্যপালে; কাইলৈ পুৱা ৯:৩০লৈ স্থগিত বিধানসভাৰ বাজেট অধিৱেশন

নিউজ ডেস্ক, ৫ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন(Assam Budget Session Begins Today) ৷ বাজেট অধিৱেশনৰ প্ৰথম দিনাই লাগিল অথন্তৰ । বাজেট অধিৱেশনৰ প্ৰথম দিনটোতে বিধানসভাত বিৰোধীয়ে সৃষ্টি কৰিলে হুলস্থূলীয়া পৰিস্থিতি। ৰাজ্যপালে ১ মিনিট ভাষণ দিয়ে সামৰিবলগীয়া হ’ল ভাষণ । আজি অৰ্থাৎ ৫ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈকে চলিব অসম বিধানসভাৰ বাজেট অধিৱেশন । ১৪ দিনীয়া অধিৱেশত উত্থাপন হ’ব ১২খনকৈ বিধেয়ক( Several new bills to be introduced in Budget Session)।

আজিয়ে উত্থাপন হোৱাৰ কথা আছিল দুখনকৈ বিধেয়ক।কিন্তু বিৰোধীৰ প্ৰতিবাদৰ বাবে মাত্ৰ ডেৰ মিনিটতে ভাষণ সামৰিলে ৰাজ্যপালে।

ৰাজ্যপালে সদনৰ কাৰ্যক্ৰমণিকা অনুসৰি আদৰণি ভাষণ প্ৰদান কৰাৰ সময়তে বিৰোধীয়ে উত্তাল কৰিলে সদন ৷ ফলত ১ মিনিট ভাষণ দিয়েই সামৰণি মাৰিলে ৰাজ্য গুলাব চান্দ কাটাৰীয়াই ৷ফলত কাইলৈ পুৱা ৯:৩০লৈ স্থগিত সদন(Assam Assembly’s Budget Session starts on stormy note)।

লগতে পঢ়ক : Manipur Violence: সংঘৰ্ষজৰ্জৰ মণিপুৰত পুনৰ উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ!