PM to visit Assam on Saturday : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী(PM to visit Assam on Saturday) । অহা ৩ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভাগ ল’ব কেইবাটাও কাৰ্যসূচীত । ৩ আৰু ৪ ফেব্ৰুৱাৰীত অসমত একাধিক প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এই কথা ইতিমধ্যেই সদৰী কৰিছে মন্ত্ৰী তথা চৰকাৰৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাৰ লগতে মন্ত্ৰী অশোক সিংহলে ৷
প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ এতিয়া ব্যস্ত হৈ পৰিছে অসম চৰকাৰৰ গৃহ-ৰাজনৈতিক বিভাগ আৰু ৰাজ্যিক বিজেপিৰ নেতৃত্ব ৷
উল্লেখযোগ্য যে মঙলবাৰে দুপৰীয়া অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আকস্মিকভাৱে দিল্লীলৈ ৰাওনা হয় । তাৰ পিচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীৰ অসম ভ্ৰমণ নিশ্চিত কৰা হয় ৷ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ-ৰাজনৈতিক বিভাগে ইতিমধ্যে ৰাজধানী দিছপুৰত বৈঠক অনুষ্ঠিত কৰিছে(PM Modi on two-day Assam visit from Feb 3) ।
আনহাতে ৩ জানুৱাৰী নিশাৰ ভাগতেই অসমত আহি উপস্থিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী । ৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত এক বিশাল জনসভাৰ লগতে ৰোড শ্ব’ও কৰিব বুলি বিজেপিৰ দলীয় সূত্ৰত প্ৰকাশ ।
জানিব পৰা মতে, ৩ ফেব্ৰুৱাৰীত নিশাৰ ভাগলৈ অসমত প্ৰৱেশ কৰিব নৰেন্দ্ৰ মোদীয়ে । চৰকাৰীভাৱে এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সূচীৰ আনুষ্ঠানিক ঘোষণা হোৱা নাই ৷ কিন্তু ৰাজ্যিক বিজেপিৰ সূত্ৰৰ মতে প্ৰধানমন্ত্ৰীয়ে ৪ ফেব্ৰুবাৰীত গুৱাহাটীৰ খানাপাৰা খেলপথাৰত এখন বিশাল সভাত ভাষণ দিব । লগতে এক ৰোড শ্ব’তো অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে ৷
ইয়াৰ লগতে এই ভ্ৰমণতে প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ হোলোঙাপাৰাত নির্মাণ হোৱা অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ মহাবীৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তি উন্মোচন কৰাৰ কথা ৷ মহাবীৰ লাচিত মৈদামত অসম চৰকাৰৰ দ্বাৰা ১৫০ কোটি টকা খৰচেৰে নির্মাণ কৰা হৈছে ১২৫ ফুট উচ্চতাৰ লাচিতৰ সুবিশাল প্ৰতিমূৰ্তিটো ৷
ইয়াৰ উপৰিও কলিয়াভোমোৰাত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং দেশৰ বাবে বাবে উৎসর্গা, ছ্যু-কা-ফা মেডিকেল উন্মোচন, শিৱসাগৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন, তিনিচুকীয়া মেডিকেল কলেজ উদ্বোধন, কামাখ্যা ক’ৰিডৰৰ আধাৰশিলা স্থাপন, বিখ্যাত আলাবৈ ৰণৰ স্মৃতি উদ্যানৰ আধাৰশিলা স্থাপন আদি একাধিক প্ৰকল্প উদ্বোধন কৰিব তেওঁ ৷ অসম ভ্ৰমণৰ লগতে একেলগে অৰুণাচল ভ্ৰমণ কৰি তাতো একাধিক চৰকাৰী প্ৰকল্প উন্মোচন আৰু আধাৰশিলা কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
লগতে পঢ়ক : ED issues 5th summons to Kejriwal : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ ই ডিৰ জাননী