ED Arrests Hemant Soren after he Resigns as Jharkhand Chief Minister : অৱশেষত গ্ৰেপ্তাৰ হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ

নেশ্যনেল ডেস্ক, ১ ফেব্ৰুৱাৰী : অৱশেষত গ্ৰেপ্তাৰ হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ। EDৰ জেৰাৰ পিছত গ্ৰেপ্তাৰ হ’ল ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী । বুধবাৰে ৰাজ্যপালৰ হাতত পদত্যাগপত্ৰ অৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীক(Hemant Soren becomes third Jharkhand Chief Minister to be arrested)।
উল্লেখ্য যে , ভূমি কেলেংকাৰীৰ গোচৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী বিগত দুদিন ধৰি ইডিয়ে চলাই আছিল জেৰা। জেৰাত হেমন্ত চোৰেণৰ দিল্লীস্থিত বাসগৃহৰ পৰা মঙলবাৰে ইডিয়ে জব্দ কৰিছিল নগদ ৩৬লাখ টকাসহ দুখন বিলাসী বাহন। ইয়াৰ সমান্তৰালকৈ বুধবাৰে EDৰ ৭ ঘণ্টাৰ জেৰাৰ অন্তত হেমন্ত ছোৰেণক গ্ৰেপ্তাৰ কৰে(ED arrests Hemant Soren after he resigns as Jharkhand Chief Minister) ।
জানিব পৰা মতে সম্প্ৰতি তেওঁক ইডিৰ জিম্মাতে ৰখা হৈছে(ED Arrests Hemant Soren after he Resigns as Jharkhand Chief Minister )।
ইফালে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ দিশে চম্পাই চোৰেণৰ নাম চৰ্চালৈ আহিছে।
লগতে পঢ়ক : Parliament Budget Session : আজি সদনত দাখিল হ’ব অন্তৰ্ৱৰ্তীকালীন বাজেট