Rahul Gandhi-Led Bharat Jodo Nyay Yatra To Re-Enter West Bengal Today : আজি ৰাহুল গান্ধীৰ ভাৰত জো়ড়ো ন্যায় যাত্ৰাই বিহাৰৰ পৰা পশ্চিম বংগত প্ৰৱেশ কৰিব
নিউজ ডেস্ক, ৩১ জানুৱাৰী : আজি বিহাৰত ৰাহুল গান্ধীৰ ভাৰত জো়ড়ো ন্যায় যাত্ৰাৰ তৃতীয়টো দিন । আজি ৰাহুল গান্ধীয়ে বিহাৰৰ পৰা পশ্চিম বংগত প্ৰৱেশ কৰিব । ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ভাৰত জো়ড়ো ন্যায় যাত্ৰাই আজি কাটিহাৰ চহৰৰ মিৰচাইবাৰীৰ পৰা পদযাত্ৰা কৰি, শ্বহীদ চক, ডিএছ মহাবিদ্যালয় আৰু প্ৰাণপুৰৰ মাজেৰে পাৰ হৈ বিহাৰ-বংগ সীমান্তৰ মালদা জিলাত প্ৰৱেশ কৰিব । এই যাত্ৰাক লৈ কংগ্ৰেছ সমৰ্থকসকলৰ মাজত যথেষ্ট উৎসাহ পৰিলক্ষিত কৰা হৈছে(Rahul Gandhi-Led Bharat Jodo Nyay Yatra To Re-Enter West Bengal Today) ৷
ইফালে মঙলবাৰে পূৰ্ণিয়াৰ ৰংভূমি ময়দানত এক জনসভা সম্বোধন কৰে ৰাহুল গান্ধীয়ে । জনসভাত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ ওপৰত আক্ৰমণাত্মক মন্তব্য প্ৰকাশ কৰে ৷ নীতিশ কুমাৰক লক্ষ্য কৰি গান্ধীয়ে কয়, “অলপ চাপ দিয়াৰ পিচতে নীতিশজীয়ে ইউ-টাৰ্ণ ল’লে ।”
ৰাহুল গান্ধীৰ এই বিশাল পূৰ্ণিয়াৰ ৰাজহুৱা সভাত, বহুতো জ্যেষ্ঠ নেতা উপস্থিত থাকে । জানিব পৰা মতে এই সভাত চিপিআই(এমএল)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্য, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, প্ৰাক্তন মন্ত্ৰী চাকিল আহমেদ, তাৰিক আনোৱাৰ আৰু অন্যান্য নেতাসকলো এই ন্যায় জোড়ো যাত্ৰাত উপস্থিত থাকে ।
লগতে পঢ়ক : Parliament Budget Session : আজিৰে পৰা আৰম্ভ হ’ব মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিমখন বাজেট অধিৱেশন