24 Assam Rifles Seizes 90,000 WY Tablets Worth Over Rs 13 Crores : মণিপুৰত জব্দ ১৩ কোটি টকাৰ নিচাজাতীয় টেবলেট

নিউজ ডেস্ক, ৩০ জানুৱাৰী : পুনৰ চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ ।
অব্যাহত আছে চুবুৰীয়া ৰাজ্য মণিপুৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । সোমবাৰে চুবুৰীয়া ৰাজ্য মণিপুৰত নিৰাপত্তা বাহিনীৰ সফল অভিযান ।
গোপন তথ্যৰ ভিত্তিত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যৌথ অভিযান চলাই সোমবাৰে ৯০ হাজাৰ নিচাজাতীয় WY টেবলেট জব্দ কৰে(24 Assam Rifles Seizes 90,000 WY Tablets Worth Over Rs 13 Crores)।
জানিব পৰা মতে, জিৰিবাম-তামেংলং জিলাৰ সীমান্তৰ ফাইটোল গাঁৱত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছে যৌথ অভিযান চলাই জব্দ কৰে এই বুজন পৰিমাণৰ টেবলেট খিনি। জব্দ কৰা টেবলেটৰ ওজন ৪.৫৪০ কিলোগ্ৰাম । আন্তৰ্জাতিক বজাৰত জব্দকৃত এই টেবলেট খিনিৰ মূল্য প্ৰায় ১৩ কোটি টকা বুলি দাবী কৰে অসম ৰাইফলছে। টেবলেট সমুহ ম্যানমাৰৰ পৰা মণিপুৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। এই সংক্ৰান্তত টৌচেম থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে(24 Assam Rifles Seizes 90,000 WY Tablets Worth Over Rs 13 Crores)।
লগতে পঢ়ক : Huge cache of Arms and ammo Recovered in joint operation : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ