Assam police SI caught spying, claims ULFA (I) : আলফা (স্বাঃ)ৰ শিবিৰত বন্দী অসম আৰক্ষীৰ গুপ্তচৰ !
নিউজ ডেস্ক, ২৮ জানুৱাৰী : পুনৰ আলফা(স্বা)ৰ শিবিৰত চোৰাংচোৱা ৷ ম্যানমাৰৰ কেম্পত সংগঠনটোৱে চোৰাংচোৱাৰ সন্দেহত এজন লোকক বন্দী কৰে। বন্দী কৰা লোকজনৰ নাম মানস বৰগোঁহাই আৰু SB ৰ চোৰাংচোৱা বুলি দাবী কৰে আলফা স্বাধীনে ।
জানিব পৰা মতে, বন্দী হোৱা লোকজন অসম আৰক্ষীৰ চোৰাংচোৱা বিষয়া। চোৰাংচোৱা বিষয়াজনে ULFA(I)ত যোগ দিছিল।
এক সূত্ৰ অনুসৰি, আলফা স্বাধীনৰ শীৰ্ষ নেতাৰ এই লোকজনৰ ওপৰত সন্দেহ উপজিল। সন্দেহ উপজাৰ পাছতেই অনুসন্ধান কৰে লোকজনৰ বিৰুদ্ধে আৰু তথ্য, প্ৰমাণ লাভ কৰিলে। সেই তথ্য, প্ৰমাণৰ ভিত্তিতেই এই চোৰাংচোৱা বিষয়াজনক আলফা স্বাধীনৰ ম্যানমাৰৰ কেম্পত বন্দী কৰা হয়(Assam police SI caught spying, claims ULFA (I), outfit releases confession video)।
আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাক বন্দী কৰাৰ পিছতে এক বিস্ফোৰক ভিডিঅ’ লাভ কৰা গৈছে ৷
আলফা(স্বা)এ প্ৰকাশ কৰা ভিডিঅ’টোত মানস বৰগোঁহায়ে দিয়া স্বীকাৰোক্তি অনুসৰি তেওঁৰ ঘৰ গোলাঘাটত ৷ অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক মানস বৰগোঁহাই ৷ অসম আৰক্ষীত যোগদান কৰাৰ পিচত ২০২১ চনত মানস বৰগোঁহাইক দায়িত্ব দিয়া হৈছিল আলফা(স্বা)ৰ বিৰুদ্ধে কাম কৰাৰ বাবে ৷ তাৰ বাবে প্ৰথম অৱস্থাৰ পৰাই মানস বৰগোঁহাইক নাটকীয়ভাৱে ব্যৱহাৰ কৰা হৈছিল যাতে আলফা(স্বা)ৰ লোকে বিনাদ্বিধাই তেওঁৰ লগতে যোগাযোগ কৰিব পাৰে ৷
সেই দায়িত্ব লাভৰ পিছতে মানস বৰগোঁহায়ে সুচাৰুৰূপে অভিনয় কৰি যোৱাৰ লগতে নাটকীয়ভাৱে আৰক্ষীয়ে তেওঁক একাধিকবাৰ গ্ৰেপ্তাৰো কৰিছিল বুলি মন্তব্য কৰে ৷ ফলত তেওঁ আলফা(স্বা)ৰ বিশ্বাস লাভ কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে আলফা(স্বা)এ প্ৰকাশ কৰা ভিডিঅ’টোত ৷ইয়াৰ পিচতে তেওঁ যোৱা নৱেম্বৰ মাহত আলফা(স্বা)ত যোগদান কৰে ৷
অৱশ্যে, বৰ্তমানলৈকে ULFA(I)এ বন্দী কৰা এই চোৰাংচোৱা বিষয়াজনৰ ওপৰত কি সিদ্ধান্ত লয় সেয়া এতিয়াও নিশ্চিত হোৱা নাই।