Local, Vocal, Global

Akhilesh Yadav announces INDIA bloc seat sharing plan : লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা আহিছে ডাঙৰ খবৰ

নিউজ ডেস্ক, ২৭ জানুৱাৰী : সমাগত লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশৰ পৰা আহিছে ডাঙৰ খবৰ ।যিয়ে এতিয়া ৰাজনৈতিক মহলত খলকনিৰ সৃষ্টি কৰিছে । নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উত্তৰ প্ৰদেশৰ কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীৰ মিত্ৰতালৈ আহিছে ধুমুহা(Akhilesh Yadav announces INDIA bloc seat sharing plan)।

শনিবাৰে এক টুইটযোগে অখিলেশ যাদৱে কয় কংগ্ৰেছৰ সৈতে ১১খন শক্তিশালী আসনত আমাৰ সৌহাৰ্দপূৰ্ণ মিত্ৰতাৰ সুন্দৰ আৰম্ভণি হৈছে। এই প্ৰক্ৰিয়া জয়ৰ সমীকৰণৰ সৈতে আৰু আগবাঢ়িব। I.N.D.I.Aৰ টীম আৰু ‘পিডিএ’ৰ ৰণনীতিয়ে ইতিহাস সলনি কৰিব। অখিলেশ যাদৱৰ এই পোষ্টৰ পিছতে ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে(Akhilesh says seat-sharing deal for UP in place) । ।

সমাজবাদী পাৰ্টীৰ প্ৰমুখ অখিলেশ যাদৱৰ এই ঘোষণাৰ পিছত এতিয়া সকলোৰে নজৰ মিত্ৰতাত চামিল বাকী দলৰ ওপৰত নিবদ্ধ হৈ পৰিছে।

উল্লেখ্য যে, অখিলেশৰ এই ১১খন আসনৰ কথা ঘোষণাৰ পিছতে উত্তৰ প্ৰদেশ কংগ্ৰেছ বিভ্ৰান্ত হৈ আছে। আসন ভাগ বটোৱাৰাক লৈ উত্তৰ প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে নীৰৱতা অৱলম্বণ কৰিছে।

অৱশ্যে কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বই এই মুহূৰ্তত আসন ভাগ-বটোৱৰাক লৈ কোনো মন্তব্য কৰা নাই।।

লগতে পঢ়ক : Bihar political crisis : বিহাৰত ৰাজনৈতিক চুনামী,দেশজুৰি আলোড়ন !