ত্ৰিৰংগা পতাকা লৈ সেনা শিবিৰৰ চৌহদত গজৰাজৰ পেৰেড!

গুৱাহাটী,২৬ জানুৱাৰী: আজি সমগ্ৰ দেশ বাসীয়ে পালন কৰিছে ৭৫ সংখ্যক গণৰাজ্য দিৱস।
গণৰাজ্য দিৱসৰ দিনা নাৰেংগীৰ সেনা শিবিৰত দেখা গল এক মন আপ্লুত কৰা দৃশ্য।
ত্ৰিৰংগা পতাকা শুঁৰেৰে মেৰিয়াই সেনা শিবিৰৰ চৌহদত খোজ কঢ়া দেখিবলৈ পোৱা গল এটা গজৰাজক।
উল্লেখ্য যে, সাতগাঁও সেনা শিবিৰত প্ৰায়েই খাদ্যৰ সন্ধানত বিচৰণ কৰে আমচাং অভায়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তিয়ে।
কিন্তু আজি গণৰাজ্য দিৱসৰ দিনা গজৰাজৰ ব্যতিক্ৰমী দৃশ্যই নয়ন জুৰাই গ’ল প্ৰত্যক্ষদৰ্শীৰ।।